ৰামসৰস্বতী।
—
[এইজন কবিৰ জন্ম ঠাই বৰপেটা মহকুমাৰ পাটচৌৰা নামে গাঁও। পিতৃৰ নাম ভীমসেন কবিচুড়ামণি, এওঁ বৰ পণ্ডিত আৰু শুদ্ধাচাৰী ব্ৰাহ্মণ আছিল। ৰামসৰস্বতীৰ পিতৃমাতৃয়ে থোৱা নাম অনিৰূদ্ধ। কবিচন্দ্ৰ, ভাৰতচন্দ্ৰ, ভাৰতভূষণ আৰু ৰামসৰস্বতী এই কেইটা তেওঁৰ উপাধি আছিল। তেওঁ শঙ্কৰ দেৱৰ সমসাময়িক অৰ্থাৎ খৃষ্টিয় ১৬ শতিকাৰ আগছোৱাত বৰ্ত্তমান আছিল। মহাপুৰুষ শঙ্কৰদেৱৰ অনুগ্ৰহত তেওঁ কোচবিহাৰৰ ৰজা মহাৰাজ নৰনাৰায়নৰ পৰা মহাভাৰত পুথি ভাঙি অসমীয়া পদ কৰিবলৈ আদেশ পায়; ৰামসৰস্বতীয়ে নিজে তেওঁৰ কলাচল বধ পুথিত এই কথা লিখি গৈছে। তেওঁ গোটেইখন মহাভাৰত অসমীয়া পদ কৰে, তাত বাজেও কুলাচলবধ, বঘাসুৰবধ, ভীমচৰিত আদি কেইবানখো পুথি লিখে। তেওঁ নিজে কোৱামতে তেওঁৰ ৰচিত পদৰ সংখ্যা পঁচিশ হেজাৰ॥]
লক্ষ্মী চৰিত্ৰ।
বাসুদেৱসুতং কৃষ্ণং কংসচানূৰমৰ্দ্দনং।
দৈবকীহৃদয়ানন্দং কৃষ্ণং বন্দে জগদ্গুৰুম্॥
পদ।
জয় জয় কৃষ্ণ কৃপাময় দেৱহৰি।
মহা মহা পাপীয়ো নিস্তৰে যাক স্মৰি॥
যাৰ লীলা বিভৱৰ নাহি পাৰাবাৰ।
হেন কৃষ্ণপদে কৰোঁ কোটি নমস্কাৰ॥
গুৰুৰ চৰণে মন শিৰোগত কৰি।
বিপ্ৰ বৈষ্ণৱৰ পদ হৃদয়ত ধৰি॥
ব্যাস আৰু বাল্মীকি প্ৰভৃতি কবিগণ।
আদ্য গুৰু বন্দো পিতৃ-মাতৃৰ চৰণ॥