ওহি যব নোহে নিজানন্দ সুখে
সদায়ে ৰমণ যাৰ।
যে সুখ তেজিয়া কমন কাৰণে
কৰত নিত্য ৰিহাৰ॥
বেদ শিৰো ভাগে ৰত্নমন্ত্ৰ মাঝে
যাহেব পদ বিৰাজে।
সোহি মহেশ্বৰ বনেৰ ভিতৰ
নাচত কমন কাযে॥
অবিদ্যা মোহিত হুয়া জীৱ যত
তৰিতে পথ নপাৱে।
মোৰ যশ শুনি সুখে নিস্তৰোক
নাচত এমন ভাৱে॥
জীৱৰ তৰণ হেতু নাৰায়ণ
বৈকুণ্ঠ তেজিয়া আসি।
কহয় মাধৱ নানা বিধ ৰসে
প্ৰচাৰিলা যশ ৰাশি॥
—
ৰাগ—শ্যাম।
তেজৰে কমলা পতি পৰভাতে নিন্দ।
তেৰি চান্দমুখ পেখোঁ উঠৰে গোবিন্দ ॥ ধ্ৰুং ॥
ৰজনী বিদূৰ দিশ ধৱলি বৰণ।
তিমিৰ ফেড়িয়া বাঝ ৰবিৰ কিৰণ॥
শত পত্ৰ বিকশিত ভ্ৰমৰা উড়াই।
ব্ৰজ বধু দধি মথে তুৱা গুণ গাই॥
দাম সুদামে ডাকে তেৰি লৈয়া নাম।
হেৰ দেখ উঠিয়া আসিল বলৰাম॥
নন্দ গেল বাথানে গোৱাল গেল পাল।
সুৰভী চাৰিতে লাগে উঠৰে গোপাল॥
ক্ষীৰ লৱনী লৈয়া শিঙ্গা বেত বেণু।
সকালে মেলিয়েো বৎস হাম্বালাৱে ধেনু॥
কহয় মাধৱ মাই কিনো তপসাইল৷
ত্ৰিজগত পতি হৰি ৰাখে ৱাল পাইলা॥