পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০১
বৰগীত।

মাধৱ দীন মূৰুখমতি কহয়।
 বাণী শুন সব লোই।
বিনে গুৰু-চৰণ ভকতি ৰকতি
 মুকুতি কৰহু নহোই॥
ওহি পৰম তত্ত্ব  বেদকো বাণী
 জানি নৰ নকৰ বিৰাম।
ধৰমক কৰমক গৰবক ছোৰি
 ডাকি বোলহু ৰাম ৰাম॥

বৰগীত।

ৰাগ—শ্ৰী।

যাদব লীলা তোহাৰি।
নিজ সুখ ত্যজি ভৈলা কেনে বিপিন বিহাৰী ॥ ধ্ৰুং ॥
গৰুড়ৰ স্কন্ধে যোহি চৰণ বিৰাজে।
সোহি পদে ফুৰা কেনে বিজুবন মাঝে॥
প্ৰৱন্ধে চিন্তিয়া নপাৱয় যোগী যত।
সোহি পদ সোহে পুতনাৰ হৃদয়ত॥
লক্ষ্মী দেৱী সেৱে যাক সুকোমল হাতে।
সোহি পদ বিৰাজয় কালি সৰ্প মাথে॥
কোটি কোটি ব্ৰহ্মা হৰ যাহাৰ দুৱাৰে।
সোহি মহেশ্বৰ কেনে বনে ধেনু চাৰে॥
সকল নিগম গণে যাক নজানয়।
গোৱাৰী যশোদা কেনে তাহাক বান্ধয়॥
বিপৰীত লীলা তেৰি জানন নযায়।
কহয় মাধৱ হৰি গতি তুৱা পায়॥

ৰাগ-বৰাড়ী।

ব্ৰজৰ বালক সঙ্গে ৰঙ্গ মনে, নাচংতু-এ সদাশিৱ৷
অবতাৰে, নিজ যশ চয়, প্ৰচাৰি তাৰিলা জীৱ ॥ ধ্ৰুং ॥