এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০০
অসমীয়া সাহিত্যৰ চানেকি।
মায়া নৰ তনু ধৰি হৰি ভকতি
কয়লি বহু পৰচাৰ।
সব নৰ পাপ পয়োধি মজ্জল
তাহে কয়লি উদ্ধাৰ॥
অব নিশি চাবি বেদ বিচাৰি
বেকত কৰু হৰিনাম।
যাকেৰি বয়নে মিলাই গাই
পাই মনোৰথ কাম॥
পণ্ডিত মানী বেদ বখানি
গৰব কয়লি সব চুৰ।
গীত কবিত্ব গুণ শঙ্কৰ দেৱৰ
কীৰিতি গয়ো বহুদূৰ॥
শ্ৰী যস দান মান ভূত দায়া
সব গুণ সম্পন্ন ঠিক।
ভকতক ভকতি দানে কৰু গুৰু
দায়া তনয় অধিক॥
হৰিক মূৰতি সুৰুতি মনগমন
মজ্জন আনন্দ সিন্ধু।
ঐসন নিৰমল হৃদয়ে বিকাশিত
ভকত-কুমুদ-কুল-ইন্দু।
কুলিযুগে পাপ পয়োধি সব নৰ
তাৰণ কাৰণ হেতু॥
ভকতি ভাণ্ডাৰ দ্বাৰ সব ছোৰি
মুকুতি কয়লি উদাস।
এক শৰণ হৰি নাম ধৰমকহো৷
ৰাজা কৰু পৰকাশ॥
কি কহব শঙ্কৰ দেৱৰ মহিমা
জানি অন্ত নপাই।
যাকেৰি চৰণক বেণু শিৰে পৰশি
মুকতি সুখে সুখ পাই॥