নকৰিবা শঙ্কা কিছু নৃপতি ইহাত।
যেনে তেনে মাধৱক স্মৰোক সাক্ষাত॥
এতেকে কৃষ্ণক পাৱে কৈলো সত্যবাণী।
শুনা এক চিত্তে আৱে প্ৰস্তুত কাহিনী॥
অদ্ভুত দেখিয়া সমজ্যাৰ লোক যত।
পৰম বিস্ময় হুইয়া গুণন্ত মনত॥
মহা দুৰাচাৰ শিশুপাল পাপশালী।
দ্বেষ ভাবে আতি মাধৱক পাৰি গালি॥
পাইল মহা মোক্ষ যিতো দেৱৰো দুৰ্লভ।
কিনো কৃপাময় কৃষ্ণ ভকত সুলভ॥
কৃষ্ণৰ দেখিয়া মহা মহিমা সাক্ষাত।
সবাৰে ঈশ্বৰ জ্ঞান ভৈল সিবেলাত॥
ঝাত ঝাত কৰি গাৱ সবাৰো শিহৰে।
আনন্দ লোতক নয়নৰ পৰা পড়ে॥
পিয়ন্ত নয়নে কৃষ্ণ মূৰ্ত্তি অমৃতক।
কুসুম সিঞ্চৰি সবে প্ৰণামে কৃষ্ণক॥
জয় জয় কৃষ্ণ বুলি প্ৰশংসা কৰন্ত।
আপোনাৰো পৰম ভাগ্যক বখানন্ত॥
শত্ৰু বুদ্ধি স্মৰি যাক তৰো পাপীজন।
কিনো ভাগ্য তান আসি দেখিলোঁ চৰণ॥
এহি মতে মাধৱক প্ৰশংশিল তথা।
আত অনন্তৰে আবে শুনা পাছ কথা॥
শুনা সাৱধান চিতে সবে সভাসদ।
অমৃত সমান মহা ভাগৱত পদ॥
শিশুপাল মোক্ষ কৃষ্ণলীলা অনুপাম।
কৰ্ণভৰি শুনি কৰা দুঃখ উপশাম॥
লভিবা মুকুতি পৰলোকতো সাক্ষাত।
বোলা ৰাম ৰাম চিন্তা পাপৰ বিঘাত॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩০৪
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৮
অসমীয়া সাহিত্যৰ চানেকি।