পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৭
ৰাজসূয়

প্ৰদক্ষিণে পড়িয়া প্ৰণামি মাধৱক।
পৰম সানন্দে চলি গৈল বৈকুণ্ঠক॥
বুলিবা কৃষ্ণক ইতো নিন্দিলা অশেষ।
কেন মতে পাইল ইতো মাধৱৰ বেশ॥
পৰম আশ্চৰ্য ইতো কথা বিপৰীত।
ইহাৰ উত্তৰ শুনিয়োক পৰীক্ষিত॥
যাক যিতো জনে চিন্তি থাকে অনুক্ষণ।
তাহাবে স্বৰূপ ৰূপ পাৱে সিতো জন॥
ভাবনাসে ভৱৰ কাৰণ নৃপবৰ।
শুনিয়োক ইহাৰ সাক্ষাতে পটন্তৰ॥
যেন বাঘ পৰুৱা ধৰিয়া পোক যত।
নমাৰি জীয়ন্তে নিয়া থৱয় বাসত॥
বাঘ পৰুৱাকে পোকে চিন্তয় ভয়ত।
জীয়ন্ততে তাৰ ৰূপ পায় সমস্ত॥
সেহি মতে মাধৱক চিন্তিয়া সৰ্ববৃথা।
পাইবেক তাহান ৰূপ ইতো কোন কথা॥
কহিয়াছোঁ‌ ইহাৰ বৃত্তান্ত কথা যত।
জয় নামে পাৰিষদ আছিল পূৰ্ব্বত॥
কৃষ্ণৰ ইচ্ছায়ে আসি বিপ্ৰৰ শাপত।
বৈকুণ্ঠৰে পৰা উপজাত অসুৰত॥
হিৰণ্যকশিপু নামে ভৈল প্ৰথমত।
নৰসিংহ ৰূপে হৰি কৰিলন্ত হত॥
ভৈল গৈয়া ৰাৱণ দ্বিতীয় জনমত।
ৰাম অৱতাৰে গৈয়া বধিলা ৰণত॥
ভৈল শিশুপাল আসি তৃতীয় জন্মত।
বৈৰ ভাবে মাধৱক স্মৰিলে সতত॥
চিন্তন্তে চিন্তন্তে চিত্তে ভৈল তদাকাৰ।
ইজন্মতো আপুনি চিন্তিলা হৰি মাৰ॥
কৃষ্ণৰ স্বৰূপ পাইয়া বৈকুণ্ঠক গৈল।
পাৰিষদ হুইয়া পুনু দুৱাৰতে ৰৈল॥