পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৬
অসমীয়া সাহিত্যৰ চানেকি।

নজানে পাণ্ডব সবে ইহাৰ মহত্ব।
মোহোৰ সমান বল আছয় গাৱত॥
এতিক্ষণে একেতিলে সবাকো মাৰিব।
সকল পাণ্ডবে মিলি আক কি কৰিব॥
এহি বুলি পৰম সত্বৰে দেৱ হৰি।
নিজ পক্ষ সমস্তক নিৰ্বত্তইলা ধৰি॥

বোলন্ত তোমৰা কিছু নুবুলিবা তাক।
যতেক লাগয় গালি পাৰোক আহ্মাক॥
আপুনি সাধিবো আপোনাৰ প্ৰয়োজন।
এহি বুলি হাতে চক্ৰ ধৰি নাৰায়ণ॥
খেদি আসিবাক লাগি আছে শিশুপালে।
চক্ৰ হানি শিব কাটিলন্ত ততকালে॥
শিশুপাল ৰাজা হত ভৈল যি বেলাত।
মহা কোলাহল ৰোল মিলিল সভাত॥
তাৰ লগৰিয়া ৰাজাগণ আছে যত।
জীওঁ বুলি প্ৰাণ বাখি পলাইল সমস্ত॥
চৈদ্য দেহ হন্তে জ্যোতি পুঞ্জ উঠি আসি।
উল্কা শিখা যেন দশো দিশক প্ৰকাশি॥
কৃষ্ণৰ চৰণে আসি পড়িয়া মিলাইল।
সৰ্ব্বজনে দেখিলা কৃষ্ণৰে ৰূপ পাইল॥
পীতবস্ত্ৰে জ্বলে শ্যাম তনু ৰুচিকৰ।
ৰত্নময় অলঙ্কাৰে জ্বলে কলেবৰ॥
কঙ্কণ কেয়ুৰে জ্বলে চাৰু চাৰি হাত।
শঙ্খ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ তাত॥
কিৰীটি কুণ্ডল হাৰ গলে বনমালা।
কনক কিঙ্কিনী বাজে কটিত মেখলা।
নয়ন কমল মুখ ঢৰ মণ্ডল।
ৰত্নৰ নুপুৰে পাদ পঙ্কজ উজ্জ্বল॥
কৃষ্ণৰ শৰীৰে এড়ে চিনন নযাই।
শ্ৰীবৎস কৌস্তুভ দুই চিহ্ন মাত্ৰ নাই॥