এক শতাধিক জানিবাক ভগৱন্ত।
পদ্মৰ পাশিত তাৰ দোষক গণন্ত॥
ভগৱন্ত ঈশ্বৰৰ শুনিয়া নিন্দন।
কৰ্ণত আঙ্গুলি দিয়া সভাসদগণ॥
মহাদুঃখে সমজ্যাৰ ভৈলন্ত আন্তৰ।
নিন্দা শুনি তথাৰ নুগুচে যিতো নৰ॥
নিজ পুণ:চয় ভ্ৰষ্ট হুইয়া সিতো জন।
পাপক সঞ্চিয়া কৰে অধোক গমন॥
ভগৱন্ত কৃষ্ণৰ ভকত যত নৰ।
কোপে শিশুপালক শপন্ত নিৰন্তৰ॥
পাছে পাণ্ডু সবে শুনি অহঙ্কাৰ।
কাছি পাৰি সবে উঠিলন্ত সমজ্যাৰ॥
মৎস্যগণ কৈকেয় সৃঞ্জয় আছে যত।
অস্ত্ৰ শস্ত্ৰ ধৰি সবে উঠিল সমস্ত।
আহ্মাৰ প্ৰভুক মন্দ বোলে দুৰাশয়।
মহাকোপ কৰি শিশুপালক গৰ্জ্জয়॥
আহ্মাৰ আগতে ঈশ্বৰক নিন্দা কৰে।
বধিবাক মনে কোপ কৰি নিৰন্তৰে॥
ধৰ মাৰ বুলি তাক ধাইলন্ত যতনে।
দেখি খঙ্গে শিশুপালে ধাইলেক তেখনে॥
হাতে খাণ্ডা বাৰু ধৰি পৰম আটোপে।
কৃষ্ণ পক্ষ সমস্তক গালি পাৰে কোপে॥
নজানস কাহাক ঝোঙ্কাস ৰহ ৰহ।
তোৰা সকলৰ আজি ভাঙ্গো মহমহ॥
হাতে খাণ্ডা ধৰি সভা মধ্যত নিৰ্ভয়।
বিপক্ষ সবক খেদি আসে দুৰাশয়॥
হেন দেখি আথেবেথে প্ৰভু নাৰায়ণে।
আসনৰ পৰা উঠিলন্ত তাৱক্ষণে॥
বোলন্ত মনত মহা মিলিল আপদ।
ইতো শিশুপাল ৰাজা মোৰ পাৰিষদ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩০১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৫
ৰাজসূয়