যতেক নিন্দিল শিশুপাল মন্দমতি।
উলটাইয়া স্তুতি কৰিলন্ত সৰস্বতী॥
নোহে নিন্দা স্বৰূপত কৰিলে কীৰ্ত্তন।
পৰম সন্তোষ মন ভৈলা নাৰায়ণ॥
পূৰ্ব্বৰ বচন হৰি মনে সুমৰিল।
যিকালত ইতো শিশুপাল উপজিল॥
তিনি চক্ষু চাৰি হাত সহিতে জন্মিল।
অনন্তৰে আকাশত বচন শুনিল॥
ইতো ছৱালৰ এক আখি দুই হাত।
গুচে ততকালে জানা যাহাৰ কোলাত॥
তাহাব হাতত ইতো মৰিব নিশ্চয়।
হেন শুনি বন্ধু বান্ধৱে ভৈলা ভয়॥
পৃথিবীৰ ৰাজাগণ যতেক আছিল।
সবাৰো হাতত নিয়া ছৱালক দিল॥
কাহাৰো কোলাত নুগুছিল চক্ষু হাত।
অনন্তৰে লৈলা গৈয়া মাধৱে কোলাত॥
এক আখি দুই হাত লুকাইল তেখনে।
দেখি দমঘোষ গৈয়া পড়িল চৰণে॥
ভাৰ্য্যা সমে মাধৱক কয় কাতৰ।
বোলে প্ৰভু আমাক দিয়োক পুত্ৰ বৰ॥
দিনে দশ দোষ আৰ ক্ষমিবাহা জানি।
মাধৱে বোলন্ত পেসী শুনা মোৰ বাণী॥
দিনে একশত দোষ ক্ষমিবোঁ ইহাৰ।
এক শতাধিক ভৈলে চিন্তিবোঁহোঁ মোৰ॥
শুনি সকুটুম্বে আতি ভৈলন্ত সন্তোষ।
এক শতাধিক কিবা কৰিবেক দোষ॥
সেহি বচনক মনে সুমৰিয়া হৰি।
শত পত্ৰ পদ্ম পুষ্প গোট হাতে ধৰি॥
পৰম আনন্দে ধৈৰ্য মনে হৰি হাসি।
প্ৰত্যেক গালিতে খসাৱন্তু একো পাশি॥