পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯৩
ৰাজসূয়।

লোভাৰিষ্ট হুইয়া গোৱালৰ ঘৰে ফুৰি।
দধি দুগ্ধ লয়নু খাইলেক কৰি চুৰি॥
বহুবল্কী অবমানী মূৰ্খ অপণ্ডিত।
নুহি আক ইতো পূজা কৰিবে উচিত॥
বেদ শাস্ত্ৰ নজানে নমানে গুৰুজন।
দিল কেন মতে তাক অগ্ৰ অৰিহণ॥
বধি আছে অকাৰণে অনেক জনক।
আছোক মনুষ্য হিংসা কৰিলে দেৱক॥
অবগৰ্ব্বে দেৱকো কৰিলে অনাদৰ।
আপুনি ভুঞ্জিলে ইতো যাগ বাসৱৰ॥
হেনসে দুৰ্ম্মতি দেৱ দ্বিজকো নমানে।
আপনাৰ সুহৃদক বধি আছে প্ৰাণে॥
মাৰিলেক ইতো নিজ পুত্ৰ নৰকক।
তাৰ স্ত্ৰীক মানে ইতো আনিলে ঘৰক॥
খঙ্খাৰ নগণি ব্যৱহাৰকো লঙ্ঘিল।
পেসীৱতি বহিনীক বিবাহ কৰিল॥
পৰম কপটী আৰ নাহি আতপৰে।
চিত্তত থাকয় আন কাৰ্য্য আন কৰে॥
কোনবা কৰ্ত্তব্য অকৰ্ত্তব্য কিবা হয়।
কাৰ্য্যাকাৰ্য্য ভাল মন্দ সবে সমৰয়॥
হেনয় জনকো আনি অগ্ৰমান্য দিল।
ইসে বিপৰীত ইতো অন্যায় মিলিল॥
এহিমতে আনো আনো অভদ্ৰ সকল।
বোলে শিশুপাল নষ্টমতি অমঙ্গল॥
ভাল মন্দ একো নুবুলিয়া ভগৱন্ত।
প্ৰসন্ন বদনে হাস্যে বসিয়া আছন্ত॥
গহীন স্বভাৱে হৰি আছা যেন মেৰু।
শিশুপালে আৰাৱ কৰন্ত যেন ফেৰু॥
প্ৰমত্ত কেশৰী যেন ভগৱন্ত হৰি।
পৰম গম্ভীৰ ভাবে আছা ধৈৰ্য্য ধৰি॥