পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯২
অসমীয়া সাহিত্যৰ চানেকি।

কিবা হেতু পূজা আগে কৰিল কৃষ্ণক।
যেন হৰিৰ্ভাগ আনি দিলেক কাকক॥
বৰ্ণাশ্ৰম কুলত বাহিৰ অনাচাৰ।
সৰ্ব্ব ধৰ্ম্মহীন একো নাহি ব্যৱহাৰ॥
ইহাৰ দোষক মই বৰ্ণাইবোঁহোঁ কত।
সৰ্ব্বকালে ইতো অধৰ্ম্মত মাত্ৰ বত॥
নাহি একো গুণ সেচ্ছাচাৰে প্ৰৱৰ্ত্তয়৷
কেনমতে ইতো অগ্ৰমান্য অবিহয়॥
ইহাৰ কুলক শপি আচন্ত যযাতি।
মহাজন সবাৰ বাহিৰ ইতো আতি॥
অভক্ষ ভক্ষণে আৰ ৰতি সৰ্ব্বক্ষণ।
ভৈল কেনমতে ইতো অগ্ৰ অৰিহণ॥
ব্ৰহ্মঋষি সবে সেৱা কৰে যি দেশক।
তাক তেজি আশ্ৰয় কৰিলেক সমুদ্ৰক॥
পুণ্য ভূমি মানে এড়িলেক দুৰাশয়।
মহা দুৰ্গ থানে থাকি প্ৰজাক পীড়য়॥
মনুষ্যৰ শত্ৰু আৰ নাহি আত পৰে।
ডকা দিয়া লোকক ফুৰয় নিৰন্তৰে॥
লুড়ি পুড়ি কাটি মাৰি সৰ্ব্বস্বক লৈই।
দুৰ্গম সমুদ্ৰ মাঝে পলাই থাকে গৈই॥
সমস্ত লোকৰ ইতো অনৰ্থৰ মূল।
আন কোন আপোনাৰো বধিলে মাতুল॥
জগতৰ যত পাপ হেতু উপজিল।
স্ত্ৰীজাতি পুতনাকো ছোটতে মাৰিল॥
আতপৰে জগততে নাহি পাপকাৰী৷
গোবধ কৰিয়া আছে অৰিষ্টক মাৰি॥
কামাতুৰ হুইয়া সম্বন্ধকো নিবিচাৰি।
কৰিলেক প্ৰতিগ্ৰহ যত গোপ নাৰী॥
দুৰ্ব্বিনিত হুইয়া যত বেদকো লঙ্ঘিল।
গোৱালৰ স্ত্ৰীক নিয়া কান্ধত বহিল॥