পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯১
ৰাজসূয়।

প্ৰথমে নকৰি পূজা আৰা দুইহন্তক।
কমন যুগুতি পূজা কৰিলে কৃষ্ণক॥
ব্যাসক প্ৰমুখ্যে মহা মহা ঋষিগণ।
জপ তপ বিদ্যা ব্ৰত ধৰি সৰ্ব্বক্ষণ॥
জ্ঞান বলে নষ্ট কৰি কল্মষ সমস্ত।
নুগুচয় সৰ্ব্বকালে সমাধি ব্ৰহ্মত॥
বেদত পাৰ্গত ব্ৰহ্মনিষ্ঠ সৰ্ব্বদাই।
লোক পাল সবে পূজা কৰে যাক পাই॥
যাক পূজা কৰিলে অনন্ত গুণ ফল।
কেন মান্য যোগ্য নুহি ইহাৰা সকল॥
পুৰন্দৰ আদি দিকপালগণ যত।
কেনে মান্যবিহ আৰা নুহি সমাজত॥
বাসুকি প্ৰমুখ্যে আছা মহা মহা নাগ।
আৰা কেন যোগ্য নোহে দিতে অগ্ৰভাগ॥
দ্ৰোণ কৃপ আদি কৰি ব্ৰাহ্মণ সমস্ত।
আৰা কেন যোগ্য নোহে প্ৰথম মান্যত॥
মহাবলী ভীষ্ম কুলবৃদ্ধ সৰ্ব্বজান।
পৰম মহন্ত কুৰু কুলতে প্ৰধান॥
যাত পৰে ক্ষত্ৰি আন নাহি পৃথিবীত।
এন্তে নুহি কেনে অগ্ৰ মান্যক উচিত॥
সনক সনদ আদি যোগী যত মান।
আৰা কেন উচিত নুহিকে অ্গ্ৰমান॥
পৃথিবীৰ যত মহা মহা ৰাজাগণ।
আৰা কেন মতে নুহি অগ্ৰ আৰিহণ॥
আছা আনো সমাজত অনেক মহন্ত।
আৰা সবো কোন অগ্ৰভাগ নাৰিহন্ত॥
যত অগ্ৰমান্য মানে তেজিল সকল।
পৰম অধম কৃষ্ণ কুলৰ পাংশুল॥
আক পূজিবাক সবে অনুমতি দিলা৷
কেনমতে কৃষ্ণে অগ্ৰমান্য অৰিহিলা॥