পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮৯
ৰাজসূয়।

আপন পৰু বাক।
শুনাই সবে সমজ্যাক॥
ক্ৰোধে মাতিবাক লৈল।
কিনো বিপৰীত ভৈল॥
বেদৰ বচন যত।
সিও দেখোঁ ভৈল হত॥
যিতো দুৰত্যয় কাল।
আতো আৰো নাহি ভাল॥
যেবে সত্য স্বৰূপত।
তবে কেন বৃদ্ধ যত॥
ছৱালৰ বচনত।
ভৈল সবে বুদ্ধি হত॥
বৃদ্ধৰো চলিল চিত্ত।
ইসে ভৈল বিপৰীত॥
মহাৰাজা যুধিষ্ঠিৰ।
গহীন গম্ভীৰ ধীৰ॥
যজ্ঞৰ সমাজ পাতি।
আহ্মাক আনিলে মাতি॥
কদৰ্থনা কৰিবাক।
আনিলেক সমজ্যাক ॥
ছৱালৰ বাক্য ধৰে।
সবাকো অমান্য কৰে॥
আহ্মাৰো জীৱন ধিক।
সভাক আসিলোঁ কিক।
কোন যুদ্ধে জিনিলেক।
আমাসাক আনিলেক॥
কুটুম্বিত নিমিত্তত।
আসি আছোঁ সমাজত॥
সাধিলে তাহাৰ কাজ।
সভাত দিলেক লাজ॥

৩৭