পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৮৮ অসমীয়া সাহিত্যৰ চানেকি। মায়া বন্ধ খণ্ডিল গুচিল তাহঙ্কাৰ। নমো জয় কৃষ্ণ বুলি কব জোকাৰ। দশোদিশে জয় বোল উৰ্ম্মি উথলিল। তাঞ্জলি ভবিয়া দিব্য পুষ্প বিষিল। যৈত যিলোক আছিলেক যেনমতে। তৈতে তৈতে কৃষ্ণক নমিল। দণ্ডৱতে। হে কৃষ্ণ ত্ৰাহি ত্ৰাহি বেল মাত্ৰ শুনি। হংসে যেন বাৱ কাটে সাবোৰৰ ছনি। উঠি উঠি পুনবপি দণ্ডৱতে পড়ে। কবি কৃতাঞ্জলি নম্ৰ ভাৱে তুতি বড়ে। ঈশ্বৰ কৃষ্ণক আমি ভৈলো পৰিচয়। কিনো আজি আহ্মাৰ মিলিল ভাগ্যোদয়। এহি মতে ব্ৰহ্মা আদি কবি তুতি নতি। শুনি দমঘেষত পৰম দুৰ্ম্মতি। কৃষ্ণৰ বিপক্ষ শিশুপাল দুৰাচাৰ। কৃষ্ণক পূজন্তে গাৱ নসহিল তাৰ। শিশুপাল নিদাৰুণ। শুনিয়া কৃষ্ণৰ গুণ। উপজিল ক্ৰোধ ভাৱ। কম্পয় সকলে গাৱ॥ কোপে আখি আৰকত।.. বসি আছে আসনত। উঠিল তেখনে নষ্ট। কৃষ্ণক কৰিয়া কষ্ট। বাহু তুলি উপৰক। গৰ্জে আতি মাধৱক। গমদে দুৰাশয়। কাহাকো নকৰে ভয়॥