পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৭
ৰাজসূয়।

জগত পবিত্ৰকাৰী কৃষ্ণ পদ জল।
ব্ৰহ্মা আদি দেবে লৈলা কৰি কৌতুহল॥
সমস্ত সভাৰ শিৰে সিঞ্চিলে হৰিষে।
নিস্তৰিলোঁ বুলি ৰঙ্গ কৰে দশোদিশে॥
অনন্তৰে যুধিষ্ঠিৰে কৃষ্ণক পূজিল।
চতুঃ শ্যাম অঙ্গ ৰাগে শৰীৰ ৰঞ্জিল॥
সুগন্ধ পুষ্পৰ অঙ্গ মুণ্ডমালা দিল।
ৰত্নময় অলঙ্কাৰে শৰীৰ মণ্ডিল॥
কিৰীটি কুণ্ডল হেমহাৰ মনোহৰ।
কেয়ূৰ কঙ্কণ কাঞ্চি নুপূৰ পাৱৰ॥
পিন্ধাইলন্ত দিব্য পীত বস্ত্ৰ ৰুচিকৰ।
নানা ৰত্ন মহাধন দিলন্ত বিস্তৰ॥
হয় হস্তী ৰথ দোলা দিলন্ত বহুত।
আপোনাকো হৰিষে অৰ্পিলা কুন্তীসুত॥
প্ৰেমত নেত্ৰৰ ৰহে আনন্দ লোতক।
নপাৰন্ত নৃপতি চাহিবে মাধৱক॥
পূজি পুনৰপি দণ্ডৱতে পড়িলন্ত।
কৃষ্ণপদ পঙ্কজক মাথাত লৈলন্ত॥
আখি মুখে ঘষি হৃদয়ত ধৰি আনি।
কান্দি কতো বেলি পাছে বুলিলন্ত বাণী॥
কিনো ধন্য কিনো ধন্য মোহোৰ জীৱন।
ভৈলোঁ মঞি আজি কৃতকৃত্য নাৰায়ণ॥
আজি কিনো মিলিল মোহোৰ মহাভাগ।
পশৰ কৃষ্ণক পুজিবাক পাইলোঁ লাগ॥
যিতো দেৱ সবাৰো দুৰ্লভ দৰিশন
কিনো মোৰ ভাগ্য হেন অৰ্চ্চিলো চৰণ॥
ৰাজাৰ ভকতি দেখি সভাসদ যত।
সবাৰো ঈশ্বৰ জ্ঞান মিলিল কৃষ্ণত॥
হুইয়া আছে বোধ সহদেৱৰ বচনে।
কৃষ্ণৰ নিৰ্গুণ যিতো মূৰ্ত্তি দৰশনে॥