আসিয়াছোঁ আমি এন্তে কৃষ্ণক দেখিত।
তথাপিতো আমি সবে ভৈলো বিমোহিত॥
আগতে কৃষ্ণক দেখি নজানিলোঁ কেৱে।
জ্ঞান দীপ দিয়া দেখাইলন্ত সহদেৱে॥
ভীষ্মে আসনৰ উঠি অনেক সাদৰি।
সহদেৱ মহন্তক সাবটিয়া ধৰি॥
মুখে মুখে দিয়া চুমা দিলা মহাধীৰ।
বুকে চাপি আনন্দে ঘ্ৰাণিলা তান শিৰ॥
হৰিষ লোতকে তান তিয়াইলন্ত তনু।
পৰম স্নেহত প্ৰশংসিলা পুনু পুনু॥
কৃষ্ণক নজানি সবে বংশে যাওঁ তল।
কৰিলে উদ্ধাৰ আজি কুলক সকল॥
আহ্মাৰ কুলত তঞি ভৈলি বংশধৰ।
উত্তম ভকত তত্ত্ব জানিলি কৃষ্ণৰ॥
বেদতো ৰহস্য বাপ তোহোৰ যুগুতি।
এহি মতে সবে তাঙ্ক কৰিলন্ত তুতি॥
শুনি যুধিষ্ঠিৰে জগতৰে সাধুৰ্ব্বাদ।
গুচিল চিত্তৰ তান যতেক বিষাদ॥
বুজি সভাসদৰ হিয়াৰ অভিপ্ৰায়।
কৰি সহদেৱক প্ৰশংসা মহাৰায়॥
কৃষ্ণত ঈশ্বৰ জ্ঞান ভৈল বিপৰীত।
প্ৰেমৰসে আকুল কৰিলে তান চিত্ত॥
কৃষ্ণ পদ পঙ্কজে পড়িলা দণ্ডৱতে।
প্ৰণমিয়া সঅৰ্ঘে পূজিলা ভালমতে॥
প্ৰণতি পূৰ্ব্বকে ৰাজা অনেক সাদৰি॥
প্ৰীতি ভাবে কৃষ্ণৰ ধুৱাইলা দুইও ভৰি॥
জগত পবিত্ৰকাৰী পাদোদক জলে।
ভাৰ্য্যা ভাতৃ অমাত্য সহিতে কুতুহলে॥
সকুটুম্বে হৰিষে শিৰত লৈলা আনি।
আনন্দত নৃত্য কৰিলন্ত মহামানী॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৯২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৬
অসমীয়া সাহিত্যৰ চানেকি।