সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮১
ৰাজসূয়া।

হৰিৰ সেৱক, পাণ্ডব ৰাজাৰ,
 কিনো যজ্ঞ বিপৰীত।
আশ্চৰ্য্য ইম্ভুত, ইমত সভাক,
 নতো দেখি কদাচিত॥
মাধৱ সহিতি,  ত্ৰৈলোক্যৰ লোক,
 পাণ্ডৱৰ সভাসদ।
অনেক প্ৰাৰম্ভ,  দেখিয়া প্ৰজাৰ,
 ভৈগৈল চিত্ত তবধ॥
শুনা সভাসদ, ভাগৱত পদ,
 জন্মৰ সাফল হৌক।
পুৰুষ উদ্ধৰি,  বোলা ৰাম হৰি,
 পাপ ৰসাতল যাউক॥

শুক নিগদতি শুনা কৌৰৱ নন্দন।
পাণ্ডৱৰ সভাক আসিলা যত জন॥
নভৈল তৃপিতি হেন নাহি কদাচিত।
শুনা আবে দানৰ মহিমা বিপৰীত॥
সুবৰ্ণ ৰজত ৰত্ন অসংখ্য প্ৰমাণ।
সূৰ্য্যসুত কৰ্ণ মহাদানী দেই দান॥
মনক সন্তোষি দান খোজন্ত ব্ৰাহ্মণ।
এগুণ খোজন্তে কৰ্ণে দেই দশ গুণ॥
সুবৰ্ণৰ থাল ঝাৰি খুৰি অলঙ্কাৰ।
যেই যিবা খোজে মন পুৰি দেন্ত তাৰ॥
কাঞ্চন চৌদোল দাসী দাস দেশ গ্ৰাম৷
হয় হস্তী ৰথ দেন্ত ধেনু অনুপাম॥
গো ভূমি সুবৰ্ণ বসন ৰুচিকৰ।
মণি মৰকত ৰত্ন দিলন্ত বিস্তৰ॥
অসংখ্য দানৰ কথা কহিবোঁহোঁ কত।
দুঃখী ভিক্ষী দেশান্তৰী আসিলেক যত॥