সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৯
ৰাজসূয়।

ব্ৰহ্মাদিক দেখি, পাণ্ডব ৰাজাৰ,
 আনন্দৰ নাহি পাৰ।
প্ৰণতি পূৰ্ব্বকে, প্ৰণমি সবাকে,
 কৰিলন্ত সতকাৰ॥
অনেক শুশ্ৰূষা, কৰিয়া বোলন্ত,
 কিনো মোৰ মহাভাগ।
সাক্ষাতে যজ্ঞত, ব্ৰহ্মা আদি কৰি,
 দেৱতাক পাইলোঁ লাগ॥
এহি বুলি ৰাজা,  সবাকে সম্বুধি,
 অনুমতি মাগি লৈয়া।
নিয়ম পূৰ্ব্বকে,  বিধি ব্যৱহাৰে,
 পূজা আৰম্ভিলা গৈয়া॥
আচাৰ্য্য ঋত্বিজ,  সদস্য প্ৰমুখ্যে,
 অসংখ্যাত ঋষিগণ।
মাধৱ মাধৱ,  সুমৰি প্ৰথমে,
 কৰিলা স্বস্তি বচন॥
অনেক সম্ভাৰে, ষোড়শোপচাৰে,
 কৰিলা পূজা অশেষ।
মাধৱ প্ৰমুখ্যে, পূজিলা দেৱক,
 নাথাকিলা আৰ শেষ॥
দীপ ধুপ গন্ধ, চন্দন নৈবেদ্য,
 দিলা অসংখ্যাত কৰি।
মনত উৎসুকে, দেৱতা সবক,
 পূজিলা ৰাজা সাদৰি॥
অসংখ্য প্ৰমাণ, সুৱৰ্ণ ভাজন,
 বসন দিব্য ভূষণ৷
উৎসৰ্গি উৎসৰ্গি,  দিলন্ত নৃপতি,
 সমস্তৰে পূৰি মন॥