এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৮
অসমীয়া সাহিত্যৰ চানেকি।
কৈলাস সমান শুক্ল কলেৱৰ
আকাশ গৈয়া লঙ্ঘয়।
সহস্ৰেক ফণা স্বৰ্গ ছোৱে গৈয়া
বিষ জালে ফোকাৰয়॥
কাৰো সহস্ৰেক কাৰো ফণা শত
কাহাৰো দশ চল্লিশ।
কৱাৰি চেলেকি ফোকৰ তেজন্তে
নাকে বাঝ হোৱে বিষ॥
ফণা তুলি তুলি ফাত ফোত কৰি
পৃথিবী জুড়িয়া আসে।
বাসুকি প্ৰমুখ্যে সৰ্পক দেখিয়া
পলাই লোক মহাত্ৰাসে॥
মাধৱে দেখন্তে সৰ্পৰ ভয়ত
পলাই লোক নিৰন্তৰ।
নাহি ভয় বুলি দুয়ো হাত তুলি
আশ্বাসিলা দামোদৰ॥
কৃষ্ণক দেখিয়া সৰ্পৰাজ গৈয়া
তেজিলন্ত ফোতকাৰ।
সহস্ৰেক শিৰ নমাইয়া ভূমিত
কৰিলন্ত নমস্কাৰ॥
একপাশ হুইয়া, আধাৰি পকাইয়া
সৰ্পগণ অসংখ্যাত।
কৃষ্ণক সম্মান, কৰি নিৰন্তৰে,
বসিলা সবে সভাত॥
ব্ৰহ্মা হৰ আদি, কৰিয়া যতেক,
আসিলন্ত দেৱগণ।
অৰ্জ্জুনে সবাকো, সাদৰি নিয়মে,
দিলন্ত দিব্য আসন॥