পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৬
অসমীয়া সাহিত্যৰ চানেকি।

নলাগে জ্ঞানৰ পদে পৃথক সাধন।
অযত্নে হৈবেক ভকতিতে উতপন॥
লৈয়োক প্ৰমাণ কৰি সিদ্ধিব বচনে।
কহিয়াছে নিমি নৃপতিৰ বিদ্যমানে॥
সমস্ত লোকৰ বৰ্ণাশ্ৰম আছে যত।
মনু আদি ঋষি মুখে কৰায়া বেকত॥
পৰম ৰহস্য জানি প্ৰভু ভগৱন্ত।
মুখ্য শাস্ত্ৰ মানে নিজ মুখে কহিলন্ত॥
যি সব উপায় কহি আছে কৃপাময়।
তাজ্ঞানী সকলে কৰি তাহাকে আশ্ৰয়॥
মহা সুখে আত্মতত্ত্ব জানে সমুদায়।
তাকে বুলি ভাগৱতী ধৰ্ম্ম নিমিবায়॥

বাজসূয়।

এহি মতে যেবে পাণ্ডব নৃপতি
 ৰাজসূয় আৰম্ভিল।
মহাযজ্ঞ ভাগ ভুঞ্জিবাক মনে
 দেৱতাগণ আসিল॥
প্ৰথমতে ব্ৰহ্মা ব্ৰহ্মলোক হন্তে
 আসিলন্ত হংস যানে।
তাহানে লগত আসিলন্ত যত
 প্ৰজাপতি গণ মানে॥
ব্ৰহ্মাক অৱৰি আসিলন্ত তানো
 সত্য লোক বাসী জন।
বৃষভত চড়ি কৈলাসৰ হন্তে
 আসিলন্ত ত্ৰিনয়ন॥