আত্ম তত্বগীত মোহ মায়া বিনাশিনী।
সৎসঙ্গ নব বাঢ়ৈ ভকতি হৰিণী॥
দৃঢ়তৰ ভৈল কৃষ্ণ বৃত্তি সমুদাই।
কৃষ্ণসাৰ পক্তি বুলি অৰ্থ বুজা ভাই॥
কৃৃৃৃষ্ণত মজিল চিত্ত বৃত্তি বিপৰীত।
সুখী হুয়া ৰৈল তম্ভি প্ৰেমে পুলকিত॥
কৰ্ম্মে তৰু মধ্য এৱে বুলি হুয়া শিষ্ট।
ভক্তি মুক্তি ফুলে ফলে শিখা উপদিষ্ট॥
দেখি হৰি নম্ৰ কৰি প্ৰেমে আনন্দত।
কৃষ্ণৰ চৰণত নত কৰে বৃক্ষ যত॥
মন জন কিৰাত জানিবা অতিশয়।
ভাৰ্য্যা শুদ্ধি বুদ্ধি আদি ঋতি প্ৰিতিচয়॥
কৃষ্ণ গীতে মন্দ চিতে ভোল হুয়া মত্ত।
লৱে তুলি খোজ ধূলি হৈবো বুলি সত্ব॥
মহাপুৰুষ শঙ্কৰ দেৱৰ আত্ম-পৰিচয়।
বড়দোৱা নামে গ্ৰাম শস্যে মৎস্যে অনুপাম
লোহিতৰ আতি অনুকূল।
সেই মহা গ্ৰামেশ্বৰ আছিলন্ত ৰাজধৰ
কায়স্থ কুলত পদ্ম ফুল॥
তান পুত্ৰ সূৰ্য্যবৰ মহা বড় দেশধৰ
দানী মানী পৰম বিশিষ্ট।
যাৰ যশ এভু জ্বলৈ জয়ন্ত মাধৱ দলৈ
দুয়ো ভাই যাহাৰ কনিষ্ঠ॥
তান পুত্ৰ কুলোদ্ধাৰ ভৌমিক মধ্যত সাৰ
প্ৰসিদ্ধ কুসুম নাম যাৰ।
তান পুত্ৰ শিশুমতি{ {gap|3em}} কৃষ্ণ পাৱে কৰি নতি
বিৰচিল শঙ্কৰে পয়াৰ॥