নুহি মুকুতিৰ পাত্ৰ তাৰ লাভ শ্ৰম মাত্ৰ
কদাচিতো সিদ্ধি নাহি আন।
অল্প বুলি ধান এৰি তণ্ডুলক আশা কৰি
যেন মবে বাহানি পতান॥
দেখাওঁ আৰ সদাচাৰ যত মহা জ্ঞানী সাৰ
জ্ঞানে গতি নাপায়া পূৰ্ব্বত।
পাছে যোগ ধ্যান এড়ি তোমাতে অৰ্পনা কৰি
লৌকিক বৈদিক কৰ্ম্ম যত॥
সাধু সঙ্গ অনুসৰি শ্ৰৱন কীৰ্ত্তন কৰি
আচবিয়া তোমাৰ ভক্তিক।
তযু সেবা প্ৰসাদত জানি আপোনাৰ তত্ত্ব
সুখে পাইল পৰম গতিক।
ভকতৰ কৃত্যশ্যে নাহি আৰ লয়লেশ
ভৈল পৰিপূৰ্ণ আনায়াসে॥
লৈয়োক প্ৰমাণ আৰ আগে নন্দ যশোদাৰ
কহিলা উৰ্দ্বৱ হৰিদাসে॥
জগত কাৰণ যিটো নিখিল জীৱৰ আত্মা
নাৰায়ণ পৰম পুৰুষ॥
পৰম ঈশ্বৰ হৰি। নিজ মায়া বশ্য কৰি
কাৰণেসে ভৈলন্ত মানুষ॥
তাহান্তে ভকতি নিতে কৰাহা একান্ত চিত্তে
বাঢ়িবে কৃষ্ণত দুইৰো স্নেহ৷
দ্বিতীয় কৰ্তব্য আৰ নাহি জানা সাৰে সাৰ
নকৰিবা ইহাৰ সন্দেহ॥
তপ জপ যজ্ঞ যাগ যোগ তীৰ্থ ব্ৰত দান
কৰে যেৰে মহা শুদ্ধ ভাৱে।
তেবেসে সুদৃঢ় চিত্তে ভকতি কৰিতে পাৰে
ঈশ্বৰ কৃষ্ণৰ দুই পাৱে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৭৮
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭২
অসমীয়া সাহিত্যৰ চানেকি।