পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৮
অসমীয়া সাহিত্যৰ চানেকি

যেন অন্ধলাক অন্ধে পন্থ উপদেশে৷
পড়িবেক দুয়ো গৈয়া গৰ্ত্তত অৱশ্যে॥
সেহি মতে মাধৱব বেদ জবি ছন্দি।
পড়িবে সংসাৰ গৰ্ত্তে দুয়ো হৈয়া বন্দি॥
বিষয়ক অতি আসকতি ভৈল যাব।
কৃষ্ণক পাইবাৰ আশা নিৱত্তিল তাৰ॥
যেন বায়ু বস্তু পশ্চিমক লৈয়া যাই।
পূৰক খেদিলে জানা সিকি বস্ত্ৰ পাই॥
হেন জানি বিষয়ৰ বাসনা যাৱত।
নতু ধৰে আসি হৰি ভজিয়ো তাৱত॥
সবে অৱস্থাতে ভক্তি কৰা সাৱধানে।
সকলো শাস্ত্ৰৰ তাৎপৰ্য এহিমানে॥
পৰম দুৰ্লভ নৰ তনু আছা পাই।
নুহিকে শাশ্বত ইটো ক্ষণিকে পড়ায়॥
জানিয়া বিষয় সুখে যত্ন দূৰ কৰি।
কুমাৰ কালৰে পৰা ভজিয়োক হৰি॥
নাহিকে বিস্তৰ শ্ৰম হবিৰ সেবাত!
বাল্য বৃদ্ধ সৱো পাবে ভজিবে সাক্ষাত॥
সমস্ত ভূতৰে হৰি আত্মা প্ৰিয়তম।
আপোনাকে আপুনি ভজন্তে কোন শ্ৰম॥
তাপপানাৰ নিজ সখা আত্মা ভগৱন্ত।
সবাবো হিয়াত হৰি স্বভাৱে আছন্ত॥
আন স্থানে বিচাৰিবে নলাগে কৃষ্ণক।
ভজিয়েক মাত্ৰ ত্যজি আন বিষয়ক॥
মনুষ্য হৈবাৰ এহি মানে মাত্ৰ ফল।
পশু শৰীৰতো পাই বিষয় সকল॥
হেন বিষয়ত কৰে মনুষ্যে হৰিষ।
পশুএৰে তেবে কিবা ভৈল বিসদৃশ॥
মনুষ্যৰ আয়ু ক্ষণভঙ্গুৰ সদায়।
পড়ে কেতিক্ষণে এই আছে এই নাই॥