পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দশম স্কন্ধ।২১

মন জীৱ চকোৰ ভৈলন্ত দুৰাশয়।
হৰি পদ তীৰ চাবি তভো নিবাসয়॥
কুতৰ্ক পাষণ্ড শাস্ত্ৰ বেত্তা জলধৰ।
নানা সূক্ষ্ম অৰ্থ তাৰ নীৰ নিৰন্তৰ॥
মুষল প্ৰহাৰ বাদে দৃঢ় বৃষ্টি কৰি।
ধৰ্ম্ম আলি ভাঙ্গি মোহে পথক আবৰি॥
কৃষ্ণ কৃপা সমিৰণ গুৰু ঘন গণ।
চতুৰ্ভিতি জ্ঞান জল কৰাৱে বৰ্ষণ॥
এহিমতে সন্তোস সৎসঙ্গ বৃন্দাবন।
ধৈৰ্য ক্ষমা বৃক্ষ দয়া ফলেৱে শোভন॥
উপনিসৎশিৰ ৰত্ন মন্ত্ৰ ধেনু চয়।
ইন্দ্ৰি অধিষ্ঠাত্ৰি দেৱ গোপৰ তনয়॥
শ্ৰীধৰ শ্ৰীগুরু পৰমাত্মা নিৰ্ব্বিশেষ।
নিজানন্দ মুখ মনে কৰিতে প্ৰবেশ॥
ধেনুৰ তুসাৰ ভাৰ গীতা ভাগৱত।
মন্দ গতি বুলি অৰ্থ অৱগাহ যত॥
শ্ৰীনন্দ নন্দন আত্মা ধেনু উচ্ছাৰণ।
মূৰ্ত্তি ধৰি আসি সবে কৰয় স্তৱন॥
হৰিভক্তি পথে মহা গীতা ভাগৱত।
দুগ্ধ হুয়া শ্ৰৱে প্ৰেমে গুঢ় অৰ্থ যত॥
জ্ঞান নেত্ৰে পূৰ্ণ পৰমাত্মাক দেখয়।
আত্ম তনু বংশী বান্ত শ্ৰীনন্দ তনয়॥
শুনি ভক্তগণ দ্ৰৱ আনন্দ হৃদয়।
মূৰ্ত্তি জ্ঞান নেত্ৰে পান ধ্যান অতিশয়॥
ইন্দ্ৰিয় চটকে নধ্ব আত্ম তত্ত্ব গীত।
প্ৰেমে বৃদ্ধি শুদ্ধ বৃত্তি সেহি ৰোমাঞ্চিত॥
কৰ্ম্ম পুত্ৰ স্বৰ্গ ফল মুক্তি এড়ি।
ধৈৰ্য্য বৃক্ষে ইন্দ্ৰি চড়ি জিজ্ঞাসন্ত হৰি॥
তেজি ভ্ৰান্ত আক্ৰান্ত একান্ত শান্ত মন।
আত্ম তত্বগীতৰত ভৈল পক্ষীগণ॥