সকল পৌৰুষশালী সৰ্ব্বোত্তম জানি।
এতেকে কৃষ্ণক সেৱা কবন্ত গোসানী॥
ইহাৰ প্ৰমাণ কহো পৃথুৰ বচনে।
প্ৰাৰ্থিলন্ত পৃথু যেন কৃষ্ণৰ চৰণে॥
যাচিলা মাধৱে বৰ লোৱা পৃথুবায়।
ৰাজায়ে বোলন্ত মোৰ বৰে কাৰ্য্য নাই॥
তযু পদ্ম পাদক ভজিয়া সৰ্ব্বভাৱে।
হাতত ধৰিয়া পদ্ম যেন লক্ষ্মী মাৱে॥
তোমাক সেৱন্ত মাত্ৰ ত্যজি আন বৰ।
ময়ো সেহি মতে তযু চবণ কিঙ্কৰ॥
বুলিবা দুহানো মই ভৈলো এক পতি।
লাগিবে কন্দল লক্ষ্মী সহিতে সম্প্ৰতি॥
শুনিয়োক ইহাৰ উত্তৰ কৃপাময়।
উত্তম পুৰুষ তুমি গুণৰ আলয়॥
ভকতত তোমাৰ কৃপাৰ নাহি সীমা।
নলাগিবে দ্বন্দ্ব তযু চৰণ মহিমা॥
লাগে যদি কন্দল নকৰো তাকো ভয়।
সবে ৰাজ্য ভাব ভোগ সম্পত্তি হৰয়॥
তথাপি সেৱিবো প্ৰভু তোমাৰ চৰণ।
লক্ষ্মীত তোমাৰ নাহি কিছু প্ৰয়োজন॥
নিজানন্দ স্বৰূপ যিহেতু দামোদৰ৷
লক্ষনীৰ বস্তুত নাহি এতেকে সাদৰ॥
তথাপি ভক্তৰ কৰা অল্পকো বিস্তৰ।
দৰিদ্ৰ বৎসল তুমি কৃপাৰ সাগৰ॥
স্বৰূপত লক্ষ্মী দ্বেষ নকৰে ভক্তক।
মাতৃ যেন তানুগ্ৰহ কৰয় পুল্ৰক॥
সেহি মতে জগত জননী লক্ষ্মী মাৱে।
অযু ভকতক দয়া কৰন্ত স্বভাৱে॥
জগতৰ আত্মা কৃষ্ণ তুষ্ট ভৈল যাৰ।
দেখাইলোহো লক্ষ্মী যেন তৃপিতি তাহাৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৬৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬১
ভক্তিৰত্নাৱলী।