পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৬
অসমীয়া সাহিত্যৰ চানেকি।

শ্ৰৱণ কীৰ্তন  কৰি তানুক্ষণ
 প্ৰশংসন্ত মাত্ৰ মোক।
বুলিবা তাহাৰ  ফল কিবা তেবে
 কহো তাহা শুনিয়োক॥
মোৰ গুণ নাম  কহন্তে শুনন্তে
 মিলে গাসি মহাভাগ।
অনিন্দ স্বৰূপ  মোৰ দিব্য ৰূপ
 প্ৰত্যক্ষতে পাৱে লাগ॥
প্ৰসন্ন বদন অৰুণ নয়ন
 তনু অতি অনুপাম।
ভকতক দয়া  কৃপা দৃষ্টি চায়া
 পূৰন্ত মনৰ কাম॥
দেখি কুঞ্চ মুখ  মিলে মহা সুখ
 দৃৰ হৱে যত তাপ।
অতি মন প্ৰীতি  মাধৱে সহিতি
 মধুৰ কৰে আলাপ॥
এহি মতে মহে  শ্বৰ দৰশন
 সুখ মুকুতিত নাই।
মোক্ষৰ আনন্দ  যিটো আত্ম সুখ
 ভকতিত সুখে পাই॥
পৰম সুন্দৰ মহা মনোহৰ
 কৃষ্ণৰ অঙ্গ যতেক।
মন ইন্দ্ৰিয়ৰ  বৃত্তি নিৰন্তৰ
 হৰয় দেখি প্ৰত্যেক॥
ভকতি সুখত  কৰি অল্প দেখি
 ভকতে তাক নচাৱে।
তথাপিতো যিটো   সুখ মোক্ষ পদ।
 ভকতি আনি মিলাৱে॥