পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
অসমীয়া সাহিত্যৰ চানেকি।

সুবৰ্ণ সহিতে নদী বুলি বুজা ভাই।
মহাযোগী সমুদ্ৰ কহিলো অভিপ্ৰাই।
সান্ত দান্ত তথাপিতো কাম নুগুচয়।
নদী নগ্নে উৰ্ম্মি বুলি স্বভাৱ চলয়॥
ত্ৰৈলোক্যে সম্পত্তি জল কৰ্ম্ম মেঘে বৰ্ষে।
পৰ্ব্বত ভকত যত মন সেন পৰ্শে॥
দম্ভ দৰ্প অবিবেক ক্ৰোধ মান মদ।
ইত্যাদি শতেক সঙ্গি আসুৰি সম্পদ॥
হুয়া তৃণ গাজি চম্ন কৈল ভক্তি পথ।
স্বৰূপ পাসৰি জীৱ ভৈলন্ত অসুস্থ॥
জীৱৰ সুহৃদ মেঘ গুৰু মহা ধীৰ।
বিযুতিক চটা মন তথাপি অথিৰ॥
অস্তি ভাতি প্ৰিয় ৰূপ নাম পঞ্চ বৰ্ণ।
শোভন নিৰ্গুণ ব্ৰহ্ম ধনু সুলক্ষণ॥
গুণাময় দেহ চয় মেঘ সুনিছৰ।
ভৈল ধাম আত্মাৰাম প্ৰকাশ বিষয়॥
চন্দ্ৰকান্তি বুলি তাপ শান্তিক থাপান্তি।
ভক্ত মেঘ বিৰাজন্তি কণ্ঠে মালা গান্থি॥
কৃষ্ণ চন্দ্ৰ পদ হিৰা পায়া ভক্তগণ।
হৃদয় চন্দুকে বান্ধি কৰি থৱে চন্ন॥
ভক্ত মেঘ সব ৰৱ সদা হৰি গীত।
বৈকুণ্ঠ সম্পত্তি যেৰা ভ্ৰমে হুয়া ভৃত্য॥
তনু বৃক্ষ ইন্দ্ৰি সিফা ভক্তি নিৰপানে।
ধৈৰ্য্য ধৃতি ক্ষমা লজ্জা তুষ্টি বিদ্যমানে॥
ইত্যাদি যতেক গুণ ভৈল ডাল পাত।
নৱ নৱ প্ৰেমেহে সৱ বাঢ়ে অসংখ্যাত।
ক্ৰোধ মদ নিষ্ঠুৰ মৎসৰ অভিমান।
ইসিৰা অসুয়া হিংসা-প্যসুন্য অজ্ঞান॥
ইত্যাদি সুতীক্ষ্ণ ভৈল কটক বিস্তৰ।
তনু সৰোবৰ বিধ ইতিৰ নিৰন্তৰ॥