মতি তানুসাৰে পদ নিবন্ধিবো আৰ।
কৃষ্ণৰ প্ৰসাদে হৌক লোকত প্ৰচাৰ॥
মহাজন সবৰ সন্মত অনুসৰি।
কৃষ্ণৰ কীৰ্ত্তন ৰূপ মঙ্গল আচৰি॥
ভক্ত সমে মাধৱক কৰিয়া সেৱলি।
বিৰচিল বিষ্ণুপুৰী ভক্তি ৰত্নাৱলী॥
নিখিল বেদৰ সাৰ মহাভাগৱত।
সদ্য ভক্তিপ্ৰদ যাৰ অতুল মহত॥
এতেকেসে সমস্ত বেদত শ্ৰেষ্ঠতৰ।
পৰম গোপনি ই্টো সমস্ত শাস্ত্ৰৰ॥
মহা অন্ধকাৰময় দুৰ্ঘোৰ সংসাৰ।
আক তৰিবাক প্ৰতি ইচ্ছা আছে যাৰ॥
তাক কৃপা কৰি যিটো মহামুনি শুকে।
পৃথিবীত ব্যক্ত আহি কৰিলা উৎসুকে॥
আত্মা প্ৰকাশক ইটো প্ৰদীপ সাক্ষাত।
ভকতি অমৃত ৰস পৰিপূৰ্ণ যাত॥
আক শুনি অন্ধ লোকে তৰোক সংসাৰ।
হেন শুক গুৰু পদে কৰো নমস্কাৰ॥
ধৰ্ম্ম অৰ্থ কাম মোক্ষ পুৰুষাৰ্থ চাৰি।
ফুৰে যত লোকে আৰু উপায় বিচাৰি॥
কৃষ্ণক ভকতি তাৰ পৰম উপায়।
মহা পুৰুষাৰ্থ আত পৰে আন নাই॥
এহি পৰমাৰ্থ অৰ্থ বেদব্যাস ঋষি।
নিৱন্ধিলা ভাগৱত শাস্ত্ৰত হৰিষি॥
আন জ্ঞান কৰ্ম্ম মানে ভক্তিৰ সাধন।
জানিবা নিশ্চয়ে যত কহিলো লক্ষণ॥
ভক্তিসে প্ৰধান মই জানিয়া মনত।
মিলিল উৎসুক মোৰ আৰ সংগ্ৰহত॥
ভক্তিপৰ শ্লোকচয় কৰো একথান।
শুনা যেন মতে মোৰ উপজিল জ্ঞান॥
৩২