পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৫
নাম মালিকা

এতেকে সে মহা জনে দুইহন্তৰো,
নাম এক কৰি কয়।
দুহানো নামক কীৰ্ত্তন কৰিয়া,
পৰম গতি লভয়॥
সংশয় তেজিয়া একচিত্ত হুয়া,
শুনিয়োক নিৰন্তৰে।
মহাদেৱ মহা দেৱ অহৰ্নিশি,
বুলিয়া যিতো সুমৰে॥
প্ৰথম অক্ষৰে মহেশ বুলিয়া,
মুকুত হোৱয় নৰে।
আবো দুই পদ সুমৰিয়া শম্ভু,
হুয়া মৌনে স্তুতি কৰে॥
শিৱ পুৰাণৰ কহি কিছুমান,
মহিমা শিৱ নামৰ।
মহা ভাগৱত শাস্ত্ৰে যেন কহে,
শুনা আবে আত পৰ॥
মহা ভাগৱত শাস্ত্ৰক বিচাৰি,
দেখিবাহা বিদ্যমান।
ভগৱন্ত ঈশ্ব- ৰৰ গুণ নাম,
বৰ্ণাইলা মাত্ৰ প্ৰধান॥
সমস্তে ধৰ্ম্মত কৰিয়া গৌৰব,
কৃষ্ণৰ গুণ কীৰ্ত্তন।
শ্ৰীমন্ত নাৰদে বৰ্ণয়া ব্যাসৰ,
কৰিলা চিত্ত প্ৰসন্ন॥
তপ জপ ব্ৰত পূজা বেদ পাঠ,
মন্ত্ৰ জাপ্য জ্ঞান দানে।
সমস্তে ধৰ্ম্মৰ অবিনাশি ফল,
জানিবা্হা এহি মানে॥