পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দশম স্কন্ধ।১৯

ভৱ ৰাতি প্ৰভাতি কুবাদি জুয়াঙ্গনি।
নাহিকে প্ৰকাশ ঋক্ষ নাম শিৰোমণি॥
শ্ৰীগুৰু মেঘৰ বৰ জ্ঞান আজ্ঞা পাই।
শিস্য ভেক এক ভাৱে তাৱে গুণ গাই॥
খুদ্ৰ নদী কুতৰ্ক পাষণ্ড যত যত।
বেদ শিৰ ৰজ মন্ত্ৰ খণ্ডি কৰে হত॥
শ্ৰৱণ কীৰ্ত্তন পদ সেবন স্মৰণ।
অৰ্চ্চন বন্দন দাস্য সখ্যাত্মা অৰ্পন॥
এহি নব সুকোমল হন নীল বৰ্ণ।
ইন্দ্ৰিয়ৰ দুবৃত্তি নিবৃিত্তি কৰি চন্ন॥
গাৱে গাৱে বাজি ৰৈল শ্ৰীকৃষ্ণ বিষয়।
এহি দেহ ভূমি কৃষ্ণ বৰ্ণৰূপ কয়॥
প্ৰেম ভৰে নীৰ জৰে দুই নয়নত।
পাইলো বুলি বাহু তুলি নাচে আনন্দত॥
এতদিন মই খিন ভৈলোহো বিহিন।
হেন স্মৰি উচ্চ কৰি কান্দে অবিছিন্ন॥
ইত্যাদি ভাবনা পুনু ৰঙ্গা চিহ্ন পাই।
গাৱৰোম সিহৰয় বেঙ্গচতা ভাই॥
ভক্তি নানা চিহ্নে বৰ্ণ শোভে দেহ ভূমি।
দিব্য কাচে প্ৰজাসমে যেন ৰাজা তুমি॥
গুৰু জ্ঞান জনে বলে বাঢ়ে শিষ্য শস্য।
কৃষক শ্ৰীগুৰু উৰু মনত ৰহস্য॥
গুৰু পদনত হত যত শিষ্য দুষ্ট।
টুটে ভক্তি দেখি গুৰু তভো অসন্তুষ্ট॥
ত্বক দৃগ ঘ্ৰাণ কাণ জিহ্বা বাসা জলে।
বাণি পাণি পদ গুদ মেদ্ৰ বঞ্চে থলে॥
ভকতি বৰ্ষাৰ নৱ লক্ষণে সলিল।
ব্যাপিল সমস্তো ভক্তি বিষয়ে মজিল॥
নাৰী ৰূপ ষড় ৰস সুখ স্পৰ্শ হৃত।
সুগন্ধ শীতল সুমধুৰ ধ্বনি গীত॥