মহা মেঘ মাত্ৰ মাধৱৰ নামচয়।
তাহাৰ ছায়াত যিতো প্ৰবেশ হোৱয়॥
মহা মোহ বহ্নি আৰ তাহাক নদহে।
তাপ দুঃখ এড়াই মহা সুখী হুয়া বহে॥
যিতো জনে আলাসক কৰি পৰিহাৰ।
নাৰায়ণ নামক সুমৰে একবাৰ॥
এতেকতে সিতো জন হুয়া শুদ্ধ চিত।
সুখে গৈয়া নিৰ্বান পদত হোৱে স্থিত॥
পৰম শ্ৰদ্ধায়ে যুক্ত হুয়া যিতো জন।
হৰিৰ নামক কৰে সদায়ে কীৰ্ত্তন॥
সুবৰ্ণ হৰণ মহা পাতেক চক্ৰত।
হোৱয় পবিত্ৰ সিতো যেহেন মুক্তত॥
যদি ভক্ত সবে কেশৱক প্ৰসঙ্গত।
একবাৰ মাত্ৰ আসি সুমৰে মনত॥
তাব সবে ধুঙ্গ কৰি পাতেক সকলে।
বিষ্ণুৰ পৰম পদ আনন্দতে চলে॥
পৰম দুষ্কৃত কৰি পাপশীল জন।
কৰে বহুবাৰ হৰি নামক কীৰ্ত্তন॥
পাপ সমূহত সিয়ো হোৱয় মুকুত।
মহাজনে আকে সে দেখিবা অদভূত॥
নামৰ মহিমা কিবা কহিবো অধিক।
শুনা যেন হৰ বুলিলন্ত পাৰ্ব্বতীক॥
শুনিয়ে পাৰ্ব্বতী তুমি বচন আমাৰ৷
একো ধৰ্ম্মে কৰ্ম্মে নৰে নতৰে সংসাৰ॥
তবে কেন মতে সিতো পাইবেক বিষ্ণুক।
শুনিয়ো সিদ্ধান্ত কৰি মনত উৎসুক॥
বাসুদেৱ বিনায়ে আনত নেদে মতি।
বোলে বাসুদেৱে সে কেৱলে মোৰ গতি॥
কিন্তু যিতো জন জানা যোগী আতিশয়।
নানান বিষয়ে তাক আকুল কৰয়॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৪৩
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৭
নাম মালিকা