পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৬
অসমীয়া সাহিত্যৰ চানেকি।

সংসাৰত যত বিধি নিষেধ আছয়।
ই দুইৰ কিঙ্কৰ আক জানিবা নিশ্চয়॥
বিষ্ণুক যি জনে জানা সততে সুমৰে৷
তাহাৰ বৃদ্ধিৰ কৰ্ম্ম সিজে নিৰন্তৰে॥
যিতো জনে থাকে জানা বিষ্ণুক পাসৰি।
পাৱয় নিঃশেষ ফল জানা নিষ্ঠ কৰি॥
অনায়াসে পৰম ঈশ্বৰ নাৰায়ণে।
তাঙ্ক নিতে কীৰ্ত্তন কৰন্ত যিতো জনে॥
চিত্তো শুদ্ধ হোৱে মহা পাপ শঙ্কটত।
নকৰিবা আত কিছো সংশয় মনত॥
যথা মন তথাত থাকোক নৰ সুখে।
কৃষ্ণৰ কীৰ্ত্তন কৰোকসি মাত্ৰ মুখে॥
এতেকে বিশুদ্ধ চিত্ত হোৱয় স্বভাৱে।
পৰম গতিক সিতো অনায়াসে পাৱে॥
আৰু শুনিয়োক যেন পদ্ম পুৰাণতে।
কৃষ্ণক বিধাতা তুতি কৰন্তে বেকতে॥
থিতাত থাকন্তে নহি পৰাণ কালত।
হৰিৰ নামক কৰে কীৰ্ত্তন সতত॥
সদ্যে তাৰ সমূহ পাতেক নষ্ট হয়।
পৰম পদক পাৱে সিতো মহাশয়॥
হোৱয় কৃতাৰ্থ যাৰ নাম কীৰ্ত্তনত।
কৰো নমস্কাৰ হেন কৃষ্ণ চৰণত॥
চৈতন্য স্বৰূপে আছা তুমি ভগৱন্ত।
যাহাৰ নামৰ মহিমাৰ নাই অন্ত॥
পৰম কৃপালু দেৱ প্ৰভু নাৰায়ণ।
সদায়ে প্ৰণামো তান অৰুণ চৰণ॥
পৰম অনল ইতো মহা মোহচয়।
জাজ্বল্য স্বৰূপে সৰ্ব্ব লোকক দহয়॥
ইহাৰ জ্বালায়ে সশৰীৰ দহৱয়।
হৰয় চেতন শ্ৰুতি জ্ঞান নপাৱয়॥