সেহি মতে দুষ্ট দৈত্য গনক জিনিয়া।
আমৰা সবক প্ৰভু ৰক্ষা কৰি নিয়া॥
হে কৃষ্ণ বিষ্ণু নাৰায়ণ মহেশ্বৰ।
পৰম পুৰুষ তুমি নাথ বৈকুণ্ঠৰ॥
অনুদিন তযু নাম কৰন্তে কীৰ্ত্তন।
পলাইদেশো দিশ ভাগি নিশাচৰ গণ॥
ভূত প্ৰেত গণ ভাগি দশো দিশে যাই।
নাম বুলি শুনি মহা বিঘ্নি লাগে ঠাই॥
তযু নামে যেন মতে নানা দোষ হৰে।
সেহি মতে সুধৰ্ম্মাদি শতো নাশ কৰে॥
তোমাৰ নামৰ প্ৰভু মহিমা অপাৰ।
হৰে পুৰুষৰ ঘোৰ সংসাৰ নিকাৰ॥
হেনয় তোমাত আমি পশিলো শৰণ।
আমাক ৰক্ষিয়া সংহৰন্ত দৈত্য গণ॥
তাসম্বাৰ সেহি কথা শুনি ভগৱন্ত।
দৈত্যক সংহৰি তাসম্বাক ৰাখিলন্ত॥
এহি মানে ইসব প্ৰসঙ্গ আবে থওঁ।
আৰু শুনা নামৰ মহিমা কিছু কওঁ॥
কপট স্বৰূপে যিটো কৃষ্ণক সুমৰে।
জনাৰ্দ্দন বুলিয়া কীৰ্ত্তন মুখে কৰে॥
অন্ত কালে তনু তেজি সিতো মহাশয়।
অনায়াসে পাৱে বিষ্ণু লোক ৰত্নময়॥
কোনে কহি পাৱে হৰি নামৰ মহত।
শুনা যেন কহি আছে পদ্ম পুৰাণত॥
মহাদুষ্ট সৰ্প ইটো দুৰ্ঘোৰ সংসাৰ।
এহি দংশি চেতন কৰিলে নষ্ট যাৰ॥
তাৰ এক ঔষধ জানিবা কৃষ্ণ নাম।
কৃষ্ণ নাম এক মহামন্ত্ৰ অনুপম॥
যিতো শুনে কৃষ্ণ নাম বৈষ্ণৱ মন্ত্ৰক।
কৰি পান কৃষ্ণ নাম মহা ঔষধক॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৪১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৫
নাম মালিক।