পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
অসমীয়া সাহিত্যৰ চানেকি।

পশু পক্ষী বৃক্ষৰো আনন্দে মগ্ন মন।
বাৰিষা ঋতুৰ শ্ৰীক চান্ত ভ্ৰমি বন॥



বৰিষা বৰ্ণনৰ অৰ্থ।


পৰমাত্মা শুকে জীৱ নৃপত কহয়।
ভকতি বৰিষা ঋতু ভৈলন্ত উদয়॥
মাধৱৰ ভকতি নিকৰ দিনকৰ।
নানা কান্তি ভাতি আতি অণ্ডৰ ভিতৰ॥
বিষয় বতাস হাস লাস জ্ঞান হৰে।
ভক্তি শক্তি চানি বানি তৰ্ক মেঘে কৰে॥
সুত দ্বাৰা ধন জন উজুৰি বিজুৰি।
ঘনে ঘনে আচাদন জ্ঞান নেত্ৰ জুৰি॥
চন্দ্ৰ বুলি ভক্তগণ গুৰু বিকৰ্ত্তন।
তাবানাক নিয় বুলি কৃষ্ণৰ কীৰ্ত্তন॥
অধৰ্ম্ম অজ্ঞান অবৈৰাগ্য অনিশ্বৰ।
লোভ মোহ কাম ক্ৰোধ মহা দৃঢ়তৰ॥
এহি আঠ মাসে জীৱ ভৈলন্ত বিতত্ত।
গুৰু কৃপা জ্ঞান লব্ধ দুনাই পাৱে তত্ব॥
পুত্ৰাদি বিদ্যুত বিষই বতাস চপুল।
সাধু মেঘগণে বৰিষিল ভক্তি জল॥
শ্ৰোত্ৰ ত্বক্‌ ঘ্ৰাণ দৃগজিহ্বা এহিখান।
বাক পাণি মেদ্ৰ অংঘ্ৰি পায়ু বাম ভান॥
সবাৰো দুবৃত্তি নাশি আসি হৰি জ্ঞান।
অহঙ্কাৰ ভাগি দেহ ভৈল ভক্তি জান॥
অনাদি জনম গ্ৰীষ্ম যিতু ঋতু কাল।
তিনি তাপ ৰৌদ্ৰ বাপ পৰম বিশাল॥
চতুৰবিংশতি তত্ব শুষ্ক সমুদাই।
ভক্তি জল পায়া বন পুষ্ট ভৈল কাই॥