পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৩
নাম মালিকা

অনেক জন্মৰ মহা পাপ আছে যাত।
নলৈবে কৃষ্ণৰ নাম নিন্দিবে সাক্ষাত॥
কৃষ্ণৰ ভকতি তেজি কৰে আত্মঘাত।
ঘোৰ সংসাৰত কৰিবেক আয়াযাত॥
মহাপাপী অন্ত্য জাতি কৃষ্ণ নাম গায়া।
মহাসুখে তৰিল দুৰ্ঘোৰ মহা মায়া॥
কৃষ্ণৰ নামত আছে যতেক মহিমা।
আপুনি ঈশ্বৰে নপাৱন্ত যাৰ সীমা॥
অতৰ্ক প্ৰভুৰ নাম ধৰ্ম্মত অদ্ভুত।
যাক গাই ফুৰে যত জীৱন্তে মুকুত॥
হেনয় নামৰ তত্ত্ব জানিবাক মনে।
কহিলোঁ মহিমা যাৰ যেন গৈলে মনে॥
আৰ এক যুগুতি শুনিয়ো অনুপম।
সমস্তে ধৰ্ম্মৰ ফুল মাধৱৰ নাম॥
মুকুতিৰো ওপৰত যিতো প্ৰকাশয়।
যিতো নামে মাধৱক অধীন কৰয়॥
হেন নামে পাপীক তৰিবে কোন কথা।
জানি মাধৱৰ নাম নেড়িবা সৰ্ব্বথা॥
কহিলো প্ৰসঙ্গ কথা যেন লৈলে মনে।
আবে নামমালিকা শুনিয়ো সাৱধানে॥
নামৰ মহিমা কিছু কহো বিদ্যমান।
শুনিবাক প্ৰতি কৰা চিত্ত সাৱধান॥
দূৰ হোক বিষয়ৰ আছে যত দোষ।
নিৰন্তৰে নৰে কৰিয়োক হৰি ঘোষ॥
পৰম মহন্ত গজপতি পুৰুষোত্তমে।
লিখাই আছা শ্লোকচয় যেন অনুক্ৰমে॥
সেহি অনুক্ৰমে আমি ৰচিবো পয়াৰ।
কৃষ্ণৰ প্ৰসাদে হৌক লোকত প্ৰচাৰ॥
শুনিয়োক প্ৰমাণ বিৰিঞ্চি পুৰাণত।
কহিয়া আছন্ত যেন নামৰ মহত॥

৩০