পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩২
অসমীয়া সাহিত্যৰ চানেকি।

নিজ ভক্ত পথ নাম মহেশত থৈলা।
তাহাঙ্ক আশ্বাস কৰি বৈকুণ্ঠক গৈলা॥
কৃষ্ণৰ ভকতি লুপ্ত সমূলঞ্চ ভৈল।
সৰ্ব্বোত্তম ধৰ্ম্ম নাম মহেশত ৰৈল॥
কৃষ্ণ আজ্ঞা শুনি মুনি দেৱগণ যত।
কৰিলন্ত আগম পুৰাণ যত যত॥
তৰ্ক বেদ বেদান্ত ভাৰত ইতিহাস।
নানা শ্ৰুতি তন্ত্ৰ মন্ত্ৰ কৰিলা প্ৰকাশ॥
বৰ্ণাশ্ৰম ধৰ্ম্ম কৰ্ম্ম নানা তীৰ্থ ব্ৰত।
নানা যোগ জ্ঞান ধ্যান কৰিলা বেকত॥
তপ জপ যাগ যোগ মহাযজ্ঞ দান।
নানাবিধ নিষেধে দেখাইলা বিদ্যমান॥
নানা স্বৰ্গ নৰক দেখাই সুখ দুখ।
লোকক কবাইলা মহা হৰিত বিমুখ॥
তাতে তুৰ্কিলন্ত কতো কতো মহাজন।
কৃষ্ণৰ ভকতি নাম সবে ভৈল ছন্ন॥
কহিলোহো আসি ধৰ্ম্ম কৰ্ম্ম যত বিধি।
মাধৱৰ নাম বিনা কাৰো নাহি সিদ্ধি॥
মন্ত্ৰ তন্ত্ৰ দেশ কালে চিত্ৰ পাতে যত!
কৃষ্ণৰ নামেসে তাকে কৰে সমাপত॥
পৰম নিবৃত্তি ধৰ্ম্ম মাধৱৰ নাম।
তাত হন্তে পাৱে ধৰ্ম্ম অৰ্থ মোক্ষ কাম॥
হেন মাধৱৰ নাম কৰিয়া গুপুত।
প্ৰৱৰ্ত্তি ধৰ্ম্মক মাত্ৰ দেখাইলা বহুত॥
কৃষ্ণৰ মোহন বাণী নবুজিলো আমি।
জানিলো আমাক বঞ্চিলন্ত কৃষ্ণ স্বামী॥
এহি মনে চিন্তি মহা মুনিগণ যত।
থাপিলা কৃষ্ণৰ নাম সমস্ত শাস্ত্ৰত॥
অনেক জন্মৰ যত সুকৃত আছয়।
পাইবেক বিচাৰি নাম সিতো মহাশয়॥