পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৮
অসমীয়া সাহিত্যৰ চানেকি।

হৰিনাম ধ্বজ কৰি  বেদ পথ পৰি হৰি
 ফুৰে অতি পাষণ্ড সকল।
ইহ পৰ লোক ভ্ৰষ্ট  হুয়া পেট পুষি মাত্ৰ
 ফুৰিবেক পৰম নিষ খল॥

নাম মালিকা।

জয় জয় কৃষ্ণ প্ৰভু প্ৰণত তাৰণ।
মঙ্গলৰো সুমঙ্গল যাৰ গুণ গণ॥
আৰম্ভিলোঁ পদ আমি নাম মালিকাৰ।
হেন কৃষ্ণ পদে কবো কোটি নমস্কাৰ॥
নমো নমো নাৰায়ণ জগত কাৰণ।
ব্ৰহ্মা আদি দেৱে সেৱে যাহাৰ চৰণ॥
মুকুত সকলো ফুৰে যাৰ গুণ গাই।
হেন কৃষ্ণ চৰণত প্ৰণামো সদাই॥
হে কৃষ্ণ কৃষ্ণ প্ৰভু তুমি কৃপাময়।
যাৰ কৃপা লেশে মনোৰথ সিদ্ধি হয়॥
তুমি সে পৰম মোৰ গুৰু হৃষিকেশ।
কৃপা দৃষ্টি চাই মোক দিয়া উপদেশ॥
বাহিৰ ভিতৰে প্ৰভু তুমি সে কেৱল।
দূৰ কৰা ভৃত্যৰ যতেক অমঙ্গল॥
জানি কৃপাময় উপদেশ দিয়া মোক।
তোমাৰ প্ৰসাদে আৰম্ভৰ সিদ্ধি হোক॥
কৃষ্ণৰ চৰণে নমস্কাৰ কৰি মনে।
কৰো নমস্কাৰ নিজ গুৰুৰ চৰণে॥
সুপ্ত প্ৰায় আছিলেক মোৰ সদি মন।
যাহাৰ কৃপাত ইটো ভৈল সচেতন॥
হেন গুৰু চৰণত কৰি নমস্কাৰ।
মাধৱে ৰচিলা পদ নাম মালিকাৰ॥