পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দশম স্কন্ধ।১৭

ওষাৰৰ ভাৰে ধেনু হাণ্ঠে অল্প কৰি।
তাক যদি ডাকন্ত মাধৱে নাম ধৰি॥
শুনি ঝাম্পে ঝাম্পে খেদি আসে হাম্বাৰাৱে।
যাই দুধ পথত পড়ন্তে স্নেহভাৱে॥
কৃষ্ণৰ মধুৰ মূৰ্ত্তি চাৱে নেত্ৰ মেলি।
বাৱন্ত মোহন বংশী কৃষ্ণে কৰি কেলি॥
তাক শুনি আনন্দতে পুলকে শৰীৰ।
ধাৰে বহি যাই দুই নয়নৰ নীৰ॥
সুন্দৰ মূৰ্ত্তিক যেন নেত্ৰে কৰে পান।
আনন্দে হৃদয় দ্ৰৱে কৰি থাকে ধ্যান॥
পক্ষী সবো শুনি সিতো গোবিন্দৰ গীত।
প্ৰেমে পৰসিয়া হোৱে তনু ৰোমাঞ্চিত॥
ফল ফুল ভক্ষ তেজি যতেক চটক।
বৃক্ষৰ শিখৰে চৰি নিৰিখে কৃষ্ণক॥
আনন্দে লোতক শ্ৰৱে তাই চিত্ত অতি।
মৌন হুয়া গীতক উনাৱে কাণ পাতি॥
গীত শুনি খেদি আসে বনৰ হৰিণী।
আতি উত্ৰাৱলে কৃষ্ণসাৰৰ ঘৰিণী॥
কৃষ্ণক দেখিয়া প্ৰেমৰসে দ্ৰৱে চিত্ত।
তম্ভি থাকে দ্ৰৱে নীৰ তনু ৰোমাঞ্চিত॥
দেখি বৃক্ষো পুলকিত হোৱে সৰ্ব্ব গাৱ।
আনন্দতে মধুশ্ৰৱে মিলে প্ৰেমভাৱ॥
ফলে ফুলে নম্ৰ কৰি শিখা আপুনাৰ।
সাক্ষাতে কৃষ্ণক বৃক্ষো কৰে নমস্কাৰ॥
কিৰাতৰ ভাৰ্যাগণে শুনি সিতো গীত।
উত্ৰাৱলী প্ৰেমত নধৰে আউৰ চিত্ত॥
হুয়া ভোল কৃষ্ণৰ খোজৰ লৱে ধূলি।
শিৰ শৰীৰত ঘসে শুদ্ধ হৱো বুলি॥
আনন্দতে দ্ৰৱে কিৰাতিনীৰ হৃদয়।
দেখিলা কৌতুকে তাক কৃষ্ণ কৃপাময়॥