পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৭
ৰামায়ণ—আদিকাণ্ড

উৰুলি জোকাৰ জয় অনেক মঙ্গলে।
ভূমিত পড়িল পুষ্প শতেক সদলে॥
নগৰত মিলি গৈলা আনন্দ প্ৰচূৰ।
পুত্ৰগণ সমে ৰাজা পাইলা অন্তঃপুৰ॥

কৌশল্যা সুমিত্ৰা সতী সুন্দৰী কৈকেয়ী।
কন্যাগণ সমে দীপ ঘট হাতে লই॥
তিনি মহাদই নানা মঙ্গল আচাৰে।
সিঞ্চি দুৰ্ব্বাক্ষত পুষ্প উৰুলি জোকাৰে॥

ভিন্নে ভিন্নে আসি পাছে তিনি পটেশ্বৰী।
অপোনাৰ পুত্ৰ বোহাৰীৰ হাতে ধৰি॥
নানা ব্যৱহাৰে গৃহ কৰাইলা প্ৰৱেশ!
পুত্ৰবধূ দেখি পাইলা আনন্দ অশেষ॥

সীতাৰ দেখিয়া ৰূপ কৌশল্যা দেবীৰ।
অমৃতৰ পানে যেন জুৰাইল শৰীৰ॥
চাৰি কুমাৰৰ বিহা ভৈল একেবাৰে।
দেখিয়া আনন্দ আতি মিলিল সবাৰে॥

নানা নৃত্য গীত বাদ্য বাজন বজাইল।
ৰামক সীতাক লোকে দেখিবাক আইল॥
দুহানৰ ৰূপ আতি দেখি বিপৰীত।
নয়ন ভৰিয়া যেন পীৱয় অমৃত॥

দিলা আনি লোকে যত যৌতুক অপাৰ।
সুবৰ্ণ ৰজত ৰত্ন বস্ত্ৰ অলঙ্কাৰ॥
ৰাজাগণ আইলা লৈয়া যৌতুক সম্ভাৰ।
নানা ৰত্নে ভূপতিৰ ভৰাইলা ভাণ্ডাৰ॥

দশৰথে সমস্তকে প্ৰসাদে ৰঞ্জিলা।
বস্ত্ৰ অলঙ্কাৰ পুষ্প চন্দনে তুষিলা॥
চাৰিয়ো পুত্ৰক সমুচিতে বণ্টা দিলা।
হস্তী ঘোৰা ৰথ ৰাজ্যে মন সন্তোষিলা॥