বিশ্বামিত্ৰ বশিষ্ঠ প্ৰমুখ্যে ঋষিগণে।
পৃজিলন্ত ৰাঘৱক প্ৰশংসা বচনে॥
পৰম পুৰুষ ৰাম জগত আধাৰ।
ৰাম ৰূপে পৃথিবীত ভৈলা অৱতাৰ॥
পৰশুৰামৰ দূৰ্প কৰিলন্ত চুৰ।
কাহাৰ শকতি কৰ্ম্ম কয় এদূৰ।
এহি মতে ৰামক প্ৰশংসে সৰ্ব্বজনে।
অনন্তৰে দশৰথ ৰাজা বঙ্গ মনে॥
অযোধ্যাক প্ৰতি চলি গৈলা মহাশয়।
কৰয় কটকে বেৰি ৰাম জয় জয়॥
নানা বাদ্যে সুমঙ্গলে চলে সম দলে।
অযোধ্যাত প্ৰবেশ ভৈলন্ত কৌতুহলে॥
দেখি নাগৰীয়া লোকে ৰাজা আসিবাৰ।
তেতিক্ষণে কৰিলা নগৰী জাতিষ্কাৰ॥
সাঞ্জি মাঞ্জি লিপিলা বিচিত্ৰ গন্ধজলে।
পতাকা তোৰণ ধ্বজা ৰঞ্জিলা চিৰলে॥
তাম্বুল কদলী ৰুইল ঠোক সমন্বিতে।
থানে থানে আলিপন কৰিলা ৰঞ্জিতে॥
মুখত পল্লৱ ফলে পাতি পূৰ্ণ ঘট।
ঘৃতব প্ৰদীপ দিলা তাহাৰ নিকট॥
দুৱাৰে দুৱাৰে দুলি থাপিলা প্ৰৱন্ধি।
লগাইলা বিচিত্ৰ ধুপ অগৰু সুগন্ধি॥
কুসুম চন্দন হাতে লৈয়া দুৰ্ব্বক্ষত।
চড়িলন্ত নাৰীগণ গৃহ ওপৰত॥
আতি মনোহৰ পুৰী অযোধ্যা নগৰ।
তাৰ মাঝে যান্ত দশৰথ নৰেশ্বৰ॥
চাবি পুত্ৰ চাৰি কন্যা যান্ত ৰঙ্গমনে।
দুৰ্ব্বাক্ষত পুষ্প বৰিষন্ত নাৰীগণে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২২২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৬
অসমীয়া সাহিত্যৰ চানেকি।