শুন্তিয়া পৰশু ৰামে ধনুখান দিলা।
শ্ৰীৰামে লগাইলা গুণ কৰি মহা লীলা॥
বল দিয়া ৰাঘৱে টান ধনুখান।
লেক লেক কৰে ফুল ধনুৰ সমান॥
ধনু টানি ৰামচন্দ্ৰে হাসন্ত হৰিষি।
ইহাৰে সে মহত্ত্ব বখানা তুমি ঋষি॥
এহি বুলি ৰামে পুনৰপি দিলা টান।
মহাশব্দে মাজতে ভাঙ্গিলা ধনুখান॥
শবদৰ ত্ৰাসত কম্পিল ত্ৰিভূবন।
মহাভয়ে অচেতন ভৈলা সৰ্ব্বজন॥
ৰাঘৱে বোলন্ত গুৰু কৰিলো অকাজ।
টানন্তে ভাঙ্গিল ধনু ভৈলোঁ মই লাজ॥
নসহিল ধনু ছৱালৰো টানিবাক।
বীৰ বোলাই তুমি কেনে লৈয়া ফুঁৰা আক॥
আমাকো কৰিলা লঘু আপুনিও ভৈলা।
দেখিয়া পৰশু ৰাম স্তব্ধ হুয়া ৰৈলা॥
অনন্তৰে ৰামচন্দ্ৰ পুৰুষ নিপুণ।
নিজ ধনুখান লৈয়া লগাইলন্ত গুণ॥
বাণ জুৰি মাতিলন্ত পৰশুৰামক।
হেৰা দেখোঁ কৰোঁ ছাই তোমাৰ গৰ্ব্বক॥
ৰাখিবাহা প্ৰাণ যেবে মাগাঁ পৰাজয়।
ভৈলন্ত পৰশুৰাম দেখি মহাভয়॥
বল দৰ্প গুচি মুখে হৰিল বচন।
হইল বিবৰ্ণ আতি মলিন বদন॥
পৰশুৰামৰ ভাগি গৈলা কাপ ঝাঁপ।
বৈদ্য দেখি যেন মুণ্ড চপৰাই সাপ॥
শ্ৰীৰামৰ আগত ভাগিল সবে ভাষ।
সূৰ্য্য আগে নাহি যেন চন্দ্ৰৰ প্ৰকাশ॥