সীতায়ো কান্দিয় মেনকাৰ ধৰি গলে।
কৰয় ক্ৰন্দন আৰ সুহৃদ সকলে॥
একত্ৰে কান্দয় মিথিলাৰ নাৰী নৰ।
আতিশয় উৰ্ম্মি উথলিলা ক্ৰন্দনৰ॥
কৈক যাহা সীতা সতী জাউ জনকৰ।
আজি শূন্য কৰিলাহা মিথিলা নগৰ॥
তই বিনে দুঃখত মৰিলোঁ সৰ্ব্বজন।
অযোধ্যা পুৰীৰ বিধি ভৈলা সুপ্ৰসন॥
চক্ষুৰ লোতক মুছি জনক নৃপতি।
কৰিলন্ত দশৰথ ৰাজাত ভকতি॥
বুলিলন্ত বিনয় ধৰিয়া তান হাতে।
সীতা জীউখানি মোৰ সপিলোঁ তোমাতে॥
জীউ বুলি প্ৰতিপাল কৰিবা ৰিহাই।
বিহনীক বুলিবাহা আপুনি বুজাই॥
তুলি তালি বৰ কৰি দিলো জানকীক।
আপুনি পালিবা কিবা বুলিবোঁ অধিক॥
অনন্তৰে দশৰথ উৎসুকে মনত।
চাৰি পুত্ৰ চাৰি বধূ তুলি বিমানত॥
সুমন্ত্ৰ যোগাইলা ৰথ তাতে চড়িলন্ত।
অযোধ্যাক প্ৰতি শুভক্ষণে লৰিলন্ত॥
আগে পাছে বজাৱয় ব্যাল্লিশ বাজন।
চমৎকাৰে সাজিয়া চলিল সেনাগণ॥
ধ্বজ দণ্ড তুলি প্ৰজা কৰে জয় জয়।
অসংখ্য প্ৰমাণ ৰথপতি হস্তীচয়॥
চানিলেক দিশ পাশ শবদ কল্লোলে।
প্ৰজাৰ আন্দোলে মহী মণ্ডল হিন্দোলে॥
চলিল আনন্দে দশৰথ মহামতি।
মিথিলাৰ লোক সমে জনক নৃপতি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২১০
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৪
অসমীয়া সাহিত্যৰ চানেকি।