পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৩
ৰামায়ণ—আদিকাণ্ড

শুনি অন্তঃপুৰে গৈয়া জনক নৃপতি।
সীতাক প্ৰবোধ বুলিলন্ত মহামতি॥
অযোনিকা তোমাক লভিলোঁ যজ্ঞ ভূমি।
পিতৃৰ মাতৃৰ প্ৰিয়তম জীউ তুমি॥

ত্ৰিভুবনে নিৰুপমা তুমি মহাসতী।
পৰম দুৰ্লভ আতি লভিলা সুপতি॥
সতী স্ত্ৰী সকলৰ স্বামীসে ভূষণ।
কদাচিতো নলঙ্ঘিবা ৰামৰ বচন॥

একচিত্তে সেৱা কৰিবাহা সৰ্ব্বক্ষণে।
কৰিবা শুশ্ৰষা শাশু শশুৰ চৰণে॥
অৱহেলা নকৰিবা দেৱৰ সবক।
কৰিবাহা দায়া তুমি সমস্ত জনক॥

তেবে তযু শুদ্ধ যশে জুৰিব সংসাৰ।
ইহ পৰ লোকে সুখ মিলিবে তোমাৰ॥
নালাগে শিখাৰে সবে জানাহা আপোনে॥
তোমাৰ সদৃশ আৰু নাহি একো গুণে॥

পাছে আসি মেনকা জনক পটেশ্বৰী।
কৰন্ত ক্ৰন্দন জানকীৰ গলে ধৰি॥
কাক লাগি এত মান কৰিলো জীয়াই।
ঘৰ শুৱনীয়া কৈক যাইবে সীতা আই॥

সীতা সীতা বুলি নাম লৈবোহো কাহাৰ।
তই গৈলে প্ৰাণ কেনে ৰহিবে আমাৰ॥
আজি সৰ্ব্ব শূন্য কৰি যাইবে মোৰ ঘৰ।
আনে সে আপোন ভৈল মই ভৈলোঁ পৰ॥

মোৰ বুকু শূন্য কৰি কোনে লৈয়া যায়।
থাকিবি কাহাৰ গৈয়া ঘৰক শুৱাই॥
কৌশল্যা বিহনী আছা কত তপসাই।
আজি তান বুকু জুৰাইবেক তোক পাই॥