মাধৱদেৱ [বইজন। মহাকবিয়েই অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাত মহাপুৰুষ শঙ্কৰদেৱৰ প্ৰধান সহায় আছিল। আৰু মহাপুৰুষ গুৰুৱে বৈকুণ্ঠ প্ৰয়াণৰ সময় এওঁৰ ওপৰতে ধৰ্ম্মৰ তাৰ্পন কৰে। বিশিষ্ট কায়স্থ কুলৰ গোবিন্দগিৰিৰ ঔৰযে আৰু মনোৰমাৰ গৰ্ভত ১৪৮৯খুঃ অঃ ত মাধৱদেৱৰ জন্ম হয়। যদিও বাকালত তেওঁৰ পিতৃব তাৱস্থ। বৰ ভাল নাছিল তথাপি তেওঁ শিক্ষালৈ পিঠি দিয়া নাছিল। মাধৱদেৱ সংস্কৃতত বিচক্ষণ পণ্ডিত হৈ উঠিছিল আৰু প্ৰধান হিন্দু শাস্ত্ৰ বিলাক ভালকৈ ধ্যয়ন কৰিছিল। তেওঁৰ ডেকা বয়সত মহাপুৰুষ শঙ্কৰদেৱৰ লগত সাক্ষাত হয় আৰু শঙ্কৰদেৱত শৰণ লয়। এইদৰে বৈষ্ণৱ ধৰ্ম্মত দিক্ষিত হোৱাৰ পাচত তেওঁ বহুত সংস্কৃত গুথি ভাঙি তাসমীয়া পদ কৰে। এওঁৰ লিখাৰ ভিতৰত এই বিলাকেই প্ৰধান-নামঘোষা, ভক্তিৰত্নাৱলী, নামমালিকা, আদিকাণ্ড বামায়ণ, ৰজসূয় যজ্ঞ। এই বিলাকত বাজেও পিপৰা গুচুৱা, ভোজন-বাহাৰ আদি নাট আৰু তানেক বৰগীত ভটিমা ৰচনা কৰিছিল। মাধৱদেৱ ১৫৯৬ খৃঃ আঃ ত কোচবিহাৰত বৈকুণ্ঠ প্ৰয়াণ কৰে। ] বামায়ণ-আদি কাণ্ড ৰাম লক্ষণাদি চাৰি ভাইৰ বিবাহ। নানা জয় মঙ্গল প্ৰজাৰ কোলাহল। বহুবিধ শবদে কৰ্ণত হানে তাল। ত্ৰৈলোক্যৰ লোক একথান মিথিলত। ব্ৰহ্মা আদি বসি আছ৷ বিয়াৰ সভাত। মধুৰ মৃদঙ্গ ধৰি বিদ্যাধৰে বাৱে। গন্ধৰৰ সকলে সুললিত গীত গাৱে॥ মুখ্য মুখ্য বাচি তাপচৰা কৰে নাট। নানা ছন্দে বিছন্দে চপয়৷ পঢ়ে ভাট॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২০৫
অৱয়ব