পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৩
অঙ্কীয়া নাট।

তড়িত জড়িত জচ নভখণ্ড।
মকৰ কুণ্ডল মণ্ডিত গণ্ড॥
কনককিৰীটি ৰতন অৱভাস।
কুঞ্চিত চাৰুচিকুৰ পৰকাশ।য
ৰুচিকৰ কৰ্ণ ভূৱন মনভুল।
নাসা নীলৰতন তিল ফুল॥
নয়ন কমল মুহ পঙ্কজ জোৰ।
এহু মিলল জছ চান্দচকোৰ॥
মাণিক দশন, হাস তথি থোৰ।
আৰকত অধৰ বন্দুলী-ৰুচি চোৰ॥
ৰুচিব শ্ৰীমুখ পেখি হৰু তাপ।
ভ্ৰুৱ যুগ গঞ্জি মদনকেৰি চাপ॥
কুটিল অলক তিলক কপোল।
হৃদয়ে হেমক হাৰ অমোল॥
ওতিম মোতিম মালা লোলে।
কৌস্তুভ কম্বু কণ্ঠ সহ ডোলে॥
চাৰু উদৰ দৰ হৃদয় বিসাল।
লম্বিত পঞ্চ বৰণ বনমাল॥
চঞ্চৰ চাঞ্চৰ মধুকৰ লোহে।
শ্ৰীশ্ৰীবৎস ঊৰথল শোহে॥
চাৰু চতুৰ ভূজ অঙ্গ ভুৱঙ্গ।
ৰতন কেয়ুৰ উজোৰত অঙ্গ॥
কঙ্কণ কনক ঝণক কৰ মূল।
কৰতল ৰাত উতপল তূল।
আঙ্গুলী চাৰুহি ৰহ হেম মোতি।
নখমণি নিন্দি চান্দক জোতি॥
অৰী অৰবিন্দ কৌমুদী কম্বু পানি।
কোকিলক কণ্ঠ অমিয়া ঝুৰে বাণি॥
নাভি কুগু ৰঞ্জ অনুপাম।
বিহিক জনম ভেলি জেহি ঠাম॥