এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮১
বড় গীত।
| ক—ই বোলে | কলিযুগে ৰামনামে সাৰ। | |
| খ—ই বোলে | খেনে খেনে কৰিয়ো উচাৰ॥ | |
| গ—ই বোলে | গৰ্ব্ব নকৰিবা একো নৰ। | |
| ঘ—ই বোলে | ঘনে হৰি ঘুষিয়ো সত্ত্বৰ॥ | |
| ঙ—ই বোলে | লয়ো সঙ্গ ভকত জনৰ। | |
| চ—ই বোলে | চৰিত্ৰ বৰ্ণায়ো গোবিন্দৰ॥ | |
| ছ—ই বোলে | চাণ্ডালকো নামে শুধ কৰে। | |
| জ—ই বোলে | জয়ধনি কৰে যিতো নৰে॥ | |
| ঝ—ই বোলে | যিতো কৰে নামক যতন। | |
| ঞ—ই বোলে | নিজ পদ দেন্ত নাৰায়ণ॥ | |
| ট—ই বোলে | টল্বল্ জীৱন চঞ্চল। | |
| ঠ—ই বোলে | থোসমোস ভাগিবে সকল॥ | |
| ড—ই বোলে | ডাকিয়া কৰিয়ো হৰি ধনি। | |
| ঢ—ই বোলে | ঢলিয়া পৰক সিদ্ধ মুনি॥ | |
| ণ—ই বোলে | লৈয়ো নাম ধৰ্ম্ম শিৰোমণি। | |
| ত—ই বোলে | তাৰন্তা নাহিকে হৰি বিনি॥ | |
| থ—ই বোলে | থিৰ বুধি কৰি লোৱা নৰ। | |
| দ—ই বোলে | দৰ্পচুৰ কৰা পাতেকৰ॥ | |
| ধ—ই বোলে | ধৰ্ম্ম নাই ৰাম নাম সম। | |
| ন-ই বোলে | নাৰায়ণ নাম নৰোত্তম॥ | |
| প—ই বোলে | পৰমতো পৰম মধুৰ। | |
| ফ—ই বোলে | ফুৰে গাই সেহি সে চতুৰ॥ | |
| ব—ই বোলে | বহুবিধ ভকতি আছয়। | |
| ভ—ই বোলে | ভকত জনেসে আচৰয়॥ | |
| ম—ই বোলে | মধুৰতো পৰম মধুৰ। | |
| য—ই বোলে | যিতো কৰে সেহি সে চতুৰ॥ | |
| ৰ—ই বোলে | ৰাম নামে পাপৰ অসনি। | |
| ল—ই বোলে | লোৱা নাম ধৰ্ম্ম শিৰোমণি॥ |