পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮১
বড় গীত।
চতিহা।
ক—ই বোলে   কলিযুগে ৰামনামে সাৰ।
খ—ই বোলে খেনে খেনে কৰিয়ো উচাৰ॥
গ—ই বোলে গৰ্ব্ব নকৰিবা একো নৰ।
ঘ—ই বোলে ঘনে হৰি ঘুষিয়ো সত্ত্বৰ॥
ঙ—ই বোলে লয়ো সঙ্গ ভকত জনৰ।
চ—ই বোলে চৰিত্ৰ বৰ্ণায়ো গোবিন্দৰ॥
ছ—ই বোলে চাণ্ডালকো নামে শুধ কৰে।
জ—ই বোলে জয়ধনি কৰে যিতো নৰে॥
ঝ—ই বোলে যিতো কৰে নামক যতন।
ঞ—ই বোলে নিজ পদ দেন্ত নাৰায়ণ॥
ট—ই বোলে টল্‌বল্‌ জীৱন চঞ্চল।
ঠ—ই বোলে থোসমোস ভাগিবে সকল॥
ড—ই বোলে ডাকিয়া কৰিয়ো হৰি ধনি।
ঢ—ই বোলে ঢলিয়া পৰক সিদ্ধ মুনি॥
ণ—ই বোলে লৈয়ো নাম ধৰ্ম্ম শিৰোমণি।
ত—ই বোলে তাৰন্তা নাহিকে হৰি বিনি॥
থ—ই বোলে থিৰ বুধি কৰি লোৱা নৰ।
দ—ই বোলে দৰ্পচুৰ কৰা পাতেকৰ॥
ধ—ই বোলে ধৰ্ম্ম নাই ৰাম নাম সম।
ন-ই বোলে নাৰায়ণ নাম নৰোত্তম॥
প—ই বোলে পৰমতো পৰম মধুৰ।
ফ—ই বোলে ফুৰে গাই সেহি সে চতুৰ॥
ব—ই বোলে বহুবিধ ভকতি আছয়।
ভ—ই বোলে ভকত জনেসে আচৰয়॥
ম—ই বোলে মধুৰতো পৰম মধুৰ।
য—ই বোলে যিতো কৰে সেহি সে চতুৰ॥
ৰ—ই বোলে ৰাম নামে পাপৰ অসনি।
ল—ই বোলে লোৱা নাম ধৰ্ম্ম শিৰোমণি॥