এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৮
অসমীয়া সাহিত্যৰ চানেকি
বাগ-বসন্ত।
কেছে নৰহৰি তৰণ উপায়।
নাশ সকলে কৈলোঁ বিষয় লোভাই ॥ ধ্ৰুং ॥
অথিব জীৱন ধন যৌবন দেহ।
সুহৃদ সোদৰ সুত কিছু নোহে কেহ ॥
পেখিতে অমিয়া ৰস বিষ পৰিণাম।
তথিয়ে মজাইলো মন মেৰি ৰাম॥
নিবমিল বিষ বিম্বু কালিনা লোহ।
তাসু পড়ল মেৰি এমন মোহ॥
তাকব ছোড়াইতে সখ নাহি থিক।
গুৱুৱা মনোৰথ বাঢ়িল ধিক॥
জনমে জনমে হামো দাসকু দাস।
কেশৱ অবহু ছোড়হু মোহ পাশ॥
শমনক লাই জীৱ বড় ডোৰ।
শঙ্কৰ কহ হৰি সেৱক তোৰ॥
—
ৰাগ-শ্ৰী।
গোপাল কি গতি কৈলে গোবিন্দে কিমতি দিলে
নাথ বিফলে বয়স সব গেলৰে॥ ধ্ৰুং॥
এ ভৱ গহন বন আতি মোহ পাশে ছন্ন
তাতে হামো হৰিণ বেড়ায়।
ফন্দিলোঁ মায়াৰ পাশে কাল ব্যাধে ধায়া আসে
কাম ক্ৰোধ কুত্তা খেদি খায়॥
হৰাইল চেতন হৰি নজানো কি মতে তৰি
গুণিতে দগধ ভেল জীৱ।
লোভ মোহ দুহোঁ বাঘ সততে ন ছাড়ে লাগ
ৰাখু ৰাখু সদাশিৱ।