পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭১
চপয়


কতনু যতনে বিধি কয় নিৰমাণ।
সো কন্যা হয় তোহাৰি সমান॥
কহলোঁ স্বৰূপ অব বচন বিচাৰি।
হোৱয় গৃহিণী যদি ৰুকমিণী নাৰী॥

তব গৃহ-বাস সফল হয় নাথ।
কহল ভাট উপৰ তুলি হাত॥
কৃষ্ণ কিঙ্কৰ ওহি শঙ্কৰ বোল।
কৰ নৰ সব অব হৰি হৰি বোল॥



শুন শুন ৰুকমিণী মাই।
কৃষ্ণ গুণ কহন নযাই॥
মুখ ইন্দু কোটি পৰকাশ।
দশন মোতিম মন্দ হাঁস॥

নয়ন পঙ্কজ নব পাতা।
কৰতল উতপল ৰাতা॥
মদনক ধনু ভ্ৰূব ভঙ্গ।
ভুজযুগ বলিত ভুজঙ্গ॥

বহল বক্ষ সিংহ বন্ধ।
ত্ৰিবলী বলিত কটি কন্ধ॥
উৰু কৰীকৰ অৰভাস।
মৃদু পদ পঙ্কজ বিকাশ॥

নখচয় চান্দক পান্তি।
পদতল আৰকত ভ্ৰান্তি॥
ধ্বজ যথ পঙ্কজ শোহে।
পেখিয়ে ত্ৰিভুবন মোহে॥