পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৫
কৃষ্ণ গুণমালা।

তীৰত চড়িলা,
গলত বান্ধিলা,
নিকালি কালীক,
গোপ গোপীক,
প্ৰলম্ব অশিষ্ট,
মাৰিলা গৰিষ্ঠ,
বেঢ়ি কুঞ্জবন,
দেখি গোপগণ,
পাছে নাৰায়ণে,
তাৰি ৰঙ্গমনে,
বসন্ত গ্ৰীষ্মত,
ক্ৰীড়া নানা মত,
এক চিত্ত কৰি,
সাধে ব্ৰতধৰি,
বস্ত্ৰ থৈয়া তীৰে,
যমুনাৰ নীৰে,
কৃষ্ণে কৰি লীলা,
কদম্বে চড়িলা,
কৰ্ম্মক উচ্ছাদ,
পত্নীক প্ৰসাদ,
বদতি শঙ্কৰ,
আন পৰিহৰ,
দিন কতিপয়,
যাইবে যমালয়,
বিনা লক্ষ্মীপতি,
জানিয়া সম্প্ৰতি,
তেবেসে নিস্তৰি,
হৃদি ৰূপ ধৰি,
মাধৱৰ নাম,
এড়ি আন কাম,

   

জ্ঞাতিয়ে বেড়িলা।
যশোদা কান্দিলা।
পিলা বনাগ্নিক।
ৰঞ্জিলা অধিক॥
চিন্তিল অনিষ্ট।
ৰাম বলিষ্ঠ।
লাগে হুতাশন।
ভৈল ভয়মন।
সদয় নয়নে।
আনিলা তেখনে।
বৰ্ষা শৰতত।
কৰিলা ব্ৰজত॥
গোপৰ কুমাৰী।
স্বামী হৈবা হৰি।
কেৱল শৰীৰে।
স্নানে ধীৰে ধীৰে।
বস্ত্ৰক হৰিলা।
হাসি বস্ত্ৰ দিলা।
বিপ্ৰক বিষাদ।
দিলাহা আহলাদ।
শুনা সবে নৰ।
ভজা দামোদৰ।
জীৱন নিশ্চয়।
নাহিকে সংশয়।
নাহি আন গতি।
কৰিও ভকতি।
পুৰুষ উদ্ধৰি।
মুখে বোলা হৰি।
ধৰ্ম্ম অনুপাম।
বোলা ৰাম ৰাম॥