এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৮
অসমীয়া সাহিত্যৰ চানেকি।
সিংহাসনত পৰি মূৰ্চ্ছা গৈলা,
শোকতে দেখি আন্ধাৰ।
ৰামক ধৰিয়া কান্দে আৰ্ত্তৰাৱে,
সীতাৰ দুই কুমাৰ।৷
দেখিয়া অদ্ভুত যত সামাজিক,
কাৰো নাহি মাত বোল।
ৰামৰ বিলাই শিশু দুইক চাই,
কৰে হাহাকাৰ বোল॥
দেৱ ঋষি সবে সন্তাপে কান্দন্ত,
ধৰিতে চিত্ত নপাবি।
ভালুক বানৰ কান্দে নিৰন্তৰ,
মাটিত পাৰি লোতাৰি।
ভৰত লক্ষণ বীৰ শত্ৰুঘণ,
ভূমিত পৰিলা কান্দি।
কৌশল্যা প্ৰমুখ্যে মুঠি হানৈ হিয়ে,
সীতা বুলি ৰাৱ বান্ধি॥
ইহেন পুত্ৰক কি মতে তেজিলি,
বজ্ৰে বান্ধিলেক হিয়া।
গাৱে জুই জ্বালি মাৱ কৈক গৈলি,
এতিক্ষণে দেখা দিয়া॥
সেৱকিনী যত সীতাৰ শোকত,
কান্দে পাৰি লোটালটি।
পাইল স্বৰ্গলোক ক্ৰন্দনৰ সিতো,
তুম্বুল বোলক উঠি।৷
শুনা সভাসদ ৰামায়ণ পদ,
দুখ গৃহ বাস দেখা।
ৰামৰ সীতাৰ এনুৱা বিপাক,
সামান্যৰ কোন লেখা।৷